মৰাণত মাৰৱাড়ী যুৱ মঞ্চ আৰু মহিলা সন্মিলনৰ উদ্যোগত ৰক্তদান শিবিৰ
মৰাণ, ২২ জানুৱাৰীঃ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ মেচাৰ্চ পান্নালাল ৰামেশ্বৰ এণ্ড কোঃ পেট্ৰ'ল পাম্পৰ সমীপত আজি মাৰৱাড়ী যুৱ মঞ্চ আৰু অখিল ভাৰতীয় মাৰৱাড়ী মহিলা সন্মিলনৰ উদ্যোগত তথা অসম মেডিকেল কলেজৰ সহযোগত এক ৰক্তদান শিবুৰ অনুষ্ঠিত হয় । উক্ত ৰক্তদান শিৱিৰত মৰাণ অঞ্চলৰ বহু যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে স্ব-ইচ্ছাৰে ৰক্তদান কৰে । উল্লেখ্য যে ৰোগীসকলৰ সুবিধা হোৱাকৈ অনুষ্ঠিত কৰা ৰক্তদান শিৱিৰত প্ৰায় ৭০ জনে প্ৰদান কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।
No comments