Breaking News

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

বোকাখাত, ৩১ জানুৱাৰীঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখৰ পৰিৱৰ্তে আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখ অৰ্থাৎ ফাগুন মাহৰ ১২, ১৩ আৰু ১৪ তাৰিখ ক্ৰমে শুক্ৰ, শনি আৰু দেওবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ক'ভিড প্ৰট'কল অনুসৰি সীমিত পৰিসৰেৰে তথা মিতব্যয়িতাৰে অনুষ্ঠিত কৰা হ'ব এই অধিৱেশনভাগি ৷ উল্লেখ্য যে, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীও থাকিব যদিও বহিঃ বাণিজ্যৰ কোনো ব্যৱস্থা নাথাকিব ৷  এই সিদ্ধান্ত আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নগাওঁ মূল কাৰ্যালয়ত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই জানিবলৈ দিয়ে।

No comments