Breaking News

কলিয়াবৰত দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফিৰ আয়োজন


কলিয়াবৰ, ৩০ জানুৱাৰীঃ কলিয়াবৰত সদৌ তাই আহোম ছাত্ৰ সন্থা, কলিয়াবৰ আঞ্চলিকৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে মে-ডাম-মে-ফি উৎসৱ। আহোম ৰয়েল চ'ছাইটি , তাই আহোম পুৰাতাত্বিক সম্পদ সংৰক্ষণ সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত শিলঘাট শ্যামলাগড়ত উদযাপন কৰা হৈছে এই উৎসৱটি ।পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা এই দিৱসত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। খেল-ধেমালি প্ৰতিযোগিতা, সন্ধিয়া শিলঘাটৰ শ্যামলা গড়, জখলাবন্ধাৰ ৰূপ দেউল, হাটবৰৰ মূলাগাভৰু ক্ষেত্ৰ আৰু কুঁৱৰীটোল বকুল তলত বন্তি প্ৰজ্বলন কৰা হ'ব । ফুৰা লুং পূজাৰে অন্ত পৰিব মে-ডাম-মে-ফিৰ প্ৰথম দিনৰ কাৰ্যসূচী ।


No comments