ড০ টি আও ষ্টেডিয়ামত অনুষ্ঠিত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাব লীগ ফুটবল প্ৰতিযোগিতাত সাকমুঠিয়াৰ উদন ক্লাব বিজয়ী
কলিয়াবৰ, ৩০ জানুৱাৰীঃ কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এ ডিভিজন ক্লাব লীগ ফুটবল প্ৰতিযোগিতাত সাকমুঠিয়া চাহ বাগিচাৰ উদন ক্লাৱে জখলাবন্ধা ফ্ৰেইণ্ডশ্বিপ ক্লাবক পৰাস্ত কৰি চেম্পিয়নশ্বিপ অর্জন কৰে। সৰুভোগীয়াৰ ডক্তৰ তালিমোৰান আও ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনিত সামগ্ৰিকভাৱে সাকমুঠিয়া উদন ক্লাৱে ফ্রেণ্ডশ্বিপ ক্লাৱক ৬-৫ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত ২ -২ গ'লৰে সমান হৈ থকাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে খেলৰ মীমাংসা কৰা হয় ।
No comments