মৰাণৰ তিলৈ নগৰৰ নতুন গাঁওবাসীৰ দীৰ্ঘদিনীয়া মাটি সমস্যা সমাধানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰঃ মেডাম-মে-ফিৰ অনুষ্ঠানত অংশলৈ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে এই কথা
মৰাণ, ৩১ জানুৱাৰীঃ আজি তাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণৰ তিলৈ নগৰ চাউচেং ৰেণৰ প্ৰাঙ্গণত তিলৈ নগৰ মে-ডাম-মে-ফি উদযাপন সমিতি আৰু তিলৈ নগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মে-ডাম-মে-ফিৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি তিলৈ নগৰৰ নতুন গাঁওবাসীৰ ৰাইজক দীৰ্ঘদিনীয়া মাটি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে, কবিতা গোৱাই কবিতা গায় আছে, উন্নয়নৰ কাম কৰাই উন্নয়ন কৰি আছে । এইখন চৰকাৰে ৰাইজৰ উন্নয়নৰ হৈ কাম কৰি আছে বুলি কৈ এক প্ৰকাৰে কংগ্ৰেছ দলৰ সভাপতিগৰাকীক কটাক্ষ কৰে ।
No comments