Breaking News

উজনিৰ এখন মহাবিদ্যালয়ত আনন্দৰ জোৱাৰ, দীৰ্ঘদিনীয়া এক সপোন বাস্তৱ হোৱাৰ পথত

মৰাণ, ২৩ জানুৱাৰীঃ বৃহত্তৰ টিংখাং অঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ত উঠিছে আনন্দৰ জোৱাৰ। যোৱাকালি হাফলঙত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ অন্য ৭ খন মহাবিদ্যালয়ৰ লগতে টিংখাং মহাবিদ্যালয়তো বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ইয়াৰ লগে লগে মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সপোনে পূৰ্ণতা লাভ কৰাৰ বাট মুকলি হ'ল। উল্লেখযোগ্য যে, ১৯৭২ চনত গ্ৰাম্য পটভূমিত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। গ্ৰাম্যপ্ৰধান টিংখাং অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ একমাত্ৰ আশা-ভৰষাৰ স্থল হিচাপে পৰিগণিত হৈ আহিছে এই মহাবিদ্যালয়খন। মহাবিদ্যালয়খনে অঞ্চলটোৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ কলা শাখাত অধ্যয়নৰ সুযোগ প্ৰদান কৰি আহিছে যদিও বিজ্ঞান শাখা উপলব্ধ নোহোৱাৰ ফলত অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী বিজ্ঞান শাখাত অধ্যয়নৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ মৰাণ, শিৱসাগৰ, ডিব্ৰুগড় আদি অঞ্চলৰ মহাবিদ্যালয়লৈ যাবলগীয়া হোৱাৰ বাবে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা থাকিও বিজ্ঞান শাখাত অধ্যয়ন কৰিব পৰা নাছিল। যাৰ বাবে মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰ প্ৰৱৰ্তনৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ অভিভাৱক তথা শিক্ষানোৰাগী ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল। অৱশেষত অসম চৰকাৰে মহাবিদ্যালয়খনত বিজ্ঞান শাখা সংযোজনৰ অনুমোদন জনোৱাত স্বাভাবিকতে এতিয়া উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীসকল। এইক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে শিক্ষা মন্ত্ৰী ৰনোজ পেগু আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।




No comments