হাওৰাঘাটত নিয়ৰসিক্ত পুৱা শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানঃ কাব্যগ্ৰন্থ হুনমিলি আক্লিম উন্মোচন
বোকাজান ৩১ জানুৱাৰীঃ যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰি হাওৰাঘাটৰ বকুলৰতলীত এক সুন্দৰ মনোমোহা পৰিৱেশত দেওবাৰে নিয়ৰসিক্ত পুৱাত বহিল এক বিশেষ আড্ডা । অংশ ল'লে বৰ্ষীয়ান লেখক-সাহিত্যিকৰ পৰা নতুন প্ৰজন্মৰ বহুকেইগৰাকী জনপ্ৰিয় কবি-সাহিত্যিকে। পাঠকৰ বাবে মুকলি হ'ল এখন নতুন গ্ৰন্থও। হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদৰ সুশোভিত বকুলতলীত এই আড্ডাৰ উদ্যোগ ল'লে যমুনা গ্ৰুপ নামৰ এটি সামাজিক প্ৰতিষ্ঠানে। শব্দৰ ধেমালি আৰু ন-গ্ৰন্থৰ সুবাসত জীপাল হ'ল বকুলৰতলী। যমুনা গ্ৰুপে তৃতীয়বাৰৰ বাবে এইদৰে ব্যতিক্ৰমী চিন্তাৰে অনুষ্ঠিত কৰে "নিয়ৰসিক্ত পুৱা" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান।
গ্ৰুপৰ মুখপাত্ৰ ৰূপক দাসে আঁত ধৰা এই বৰ্ণময় অনুষ্ঠানত হাওৰাঘাটৰ উপৰিও পাৰখোৱা, বকলীয়াঘাট, ফুলনি, ডিফুৰ প্ৰায় চাৰি কুৰি কবি, সাহিত্যিক, সাহিত্য ৰসিক তথা সাহিত্যপ্ৰেমীয়ে অংশ লয়। লক্ষীন্দ্ৰ ব্ৰহ্ম, ভৱপ্ৰসাদ দেউৰী, শৰৎ পাটৰ, কৃষ্ণ দৈমাৰী, বিদ্যুৎ মেচ, ৰিকিচন বুংৰুং, কল্পনা বৰা, চন্দনা গোস্বামী, কিৰণ মেধি, ৰেশ্মী চৰকাৰ, কৃষ্ণালীনা কলিতা আদি ন-পুৰণি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।
এই অনুষ্ঠানতে উন্মোচন কৰা হয় পাহাৰৰ জনপ্ৰিয় কবি বিদ্যাৰাম ছিংনাৰৰ কাব্যগ্ৰন্থ "হুনমিলি আক্লিম"। কৃতী শিক্ষক ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে এই কাব্য সংকলনখনি উন্মোচন কৰি ছিংনাৰৰ কবিতাই যে সমাজৰ নিৰ্যাতিত-নিষ্পেষিতজনৰ আৰ্তনাদৰ এক নিৰ্মোহ বিশ্লেষণ আগবঢ়োৱা বুলি মন্তব্য কৰে। উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি খনছিং ৰংপি, শিক্ষাবিদ তৰুণ চন্দ্ৰ সন্দিকৈ, দেৱেন্দ্ৰ শৰ্মা, বিক্ৰম চন্দ, মোলান চন্দ্ৰ লস্কৰ প্ৰমূখ্যে বহু বিশিষ্ট নাগৰিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
No comments