কলিয়াবৰৰ কুঁৱৰীটোলত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান
কলিয়াবৰ, ৩০ জানুৱাৰীঃ শিলঘাটস্থিত কন্যকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়লৈ ২০২২ বৰ্ষৰ কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। আজি অনুষ্ঠিত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান আৰু স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠানত শিক্ষানুষ্ঠানখনক এই বঁটা প্ৰদান কৰা হয় । এটি স্মাৰক, এখন শৰাই, অংগবস্ত্ৰ আৰু এক লাখ টকা বঁটা হিচাপে বিদ্যালয়খনলৈ আগবঢ়াই প্ৰয়াত কামিনী মহন্ত স্মৃতিৰক্ষা সমিতিয়ে। সমিতিখনে বিগত সাতটা বছৰত, প্ৰতিবছৰে একোজনকৈ বিশিষ্ট শিল্পী, শিক্ষাবিদ, কৃষক অথবা সামাজিক অনুষ্ঠানলৈ এই বঁটা আগবঢ়াই আহিছে। আজিৰ এই অনুষ্ঠানত অন্যান্য ব্যক্তিসকলৰ লগতে প্ৰয়াত কামিনী মহন্তৰ পৰিয়াল বৰ্গ আৰু পৰিয়ালৰ এগৰাকী সদস্য হিচাপে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ও উপস্থিত থাকে ।
No comments