ভোগালীৰ আনন্দ-উছাহৰ মাজতে বকলীয়াঘাটত এগৰাকী মহিলাৰ ৰহস্যজনক হত্যাকাণ্ড
বোকাজান, ১৫ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যজুৰি ভোগালীৰ আনন্দ-উছাহ অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত লাংপাৰপান এলেকাত এগৰাকী বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, লাংপাৰপান এলেকাৰ মনাই তেৰাং গাঁও নিবাসী লিচন তিমুং (৩৭) নামৰ লোকজনে যোৱা ১২ জানুৱাৰীৰ নিশা তেওঁৰ পত্নী কাৰে কিলিংপী (২৮) য়ে বিষপান কৰি আত্মহত্যা কৰা বুলি পত্নীৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। ইফালে, মৃত মহিলাগৰাকীৰ পৰিয়ালে এই ঘটনাত ৰহস্যৰ গোন্ধ পাই যোৱা ১৩ জানুৱাৰীৰ ভোগালীৰ উৰুকাৰ সন্ধিয়া বকলীয়াঘাট থানাত এখন এজাহাৰ দাখিল কৰি মহিলাগৰাকীক স্বামী লিচন তিমুঙে হত্যা কৰা বুলি অভিযোগ কৰে। উক্ত এজাহাৰৰ ভিত্তিত ১৩ জানুৱাৰীৰ নিশা বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ লিচন তিমুঙৰ ঘৰৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৰহস্যজনকভাবে স্বামী লিচন তিমুঙে আত্মগোপন কৰে। পিছত মহিলাগৰাকীৰ স্বামী লিচন তিমুঙেও বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায় যদিও স্থানীয় লোকৰ তৎপৰতাত লিচনক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্রতি ডিফু চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লিচন তিমুং। মৃত কাৰে কিলিংপীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হয়। সমগ্র ঘটনাই এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বকলীয়াঘাট থানাৰ অন্তৰ্গত লাংপাৰপান এলেকাৰ মনাই তেৰাং গাঁৱৰ লিচন তিমুং আৰু কাৰে কিলিংপীৰ বিগত দহ বছৰ পূৰ্বেই বিবাহকার্য সম্পন্ন হোৱাৰ লগতে দুয়োৰে দুটি সন্তানো আছে। অৱশ্যে, বিবাহৰ পিছৰ পৰাই স্বামী-স্ত্ৰীৰ মাজত নিয়মীয়া হাই-কাজিয়া সংঘটিত হৈ আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে যোৱা ১২ জানুৱাৰীৰ নিশা অকস্মাতে ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱা মহিলাগৰাকী মৃত্যুৰ সময়ত সাত মাহৰ গৰ্ভৱতী আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। প্রাথমিক অনুসন্ধানত স্বামীৰ নির্যাতনতে মহিলাগৰাকী মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে যদিও সম্প্রতি চিকিৎসাধীন অৱস্থাত থকা লিচন তিমুং সুস্থ হৈ উঠাৰ লগতে মৃত মহিলাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ তদন্ততহে এই মৰ্মান্তিক ঘটনাৰ সবিশেষ তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
No comments