চাৰিলেনযুক্ত পথৰ ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ব্যাপক দুর্নীতি-অনিয়মৰ অভিযোগ উছুকা-ডিমাছা ছাত্ৰ সন্থাৰ
বোকাজান, ১৫ ডিচেম্বৰঃ ডবকাৰ পৰা ডিমাপুৰ সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেনযুক্ত কৰি নিৰ্মাণৰ কাম সম্প্ৰতি যুদ্ধকালীন ক্ষীপ্ৰতাৰে অব্যাহত আছে। উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যক গুৱাহাটীৰে সংযুক্ত কৰা এই গুৰুত্বপূৰ্ণ পথছোৱাৰে যাতায়াতৰ নামত সাধাৰণ জনতাই যমৰ যাতনা ভূগি অহাৰ পিছত শেহতীয়াকৈ পথছোৱা সম্প্ৰসাৰিত কৰি চাৰিলেনযুক্ত কৰি নিৰ্মাণ কৰা কাৰ্যই স্থানীয় লোকসকলৰ মাজত উছাহৰ পৰিৱেশ সৃষ্টি কৰাৰ বিপৰীতে পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিগত সময়ছোৱাত চাৰিলেনযুক্ত পথছোৱাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত হিতাধিকাৰীক ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিৰুদ্ধে প্রতিবাদমূখৰ হৈ অহা জিলাখনৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্র পৰিষদ চমুকৈ ‘উছুকা'ই উৰুকাৰ দিনাই বকলীয়াঘাটত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক জিন্টু হাজৰিকাৰ নেতৃত্বত 'উছুকা’ৰ নেতা-কর্মীসকলে বকলীয়াঘাট নগৰৰ মাজমজিয়াত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’ আৰু যুটীয়া সচিব টেনছিং ৰংপিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এইক্ষেত্ৰত ফুলনি ৰাজহ চক্ৰৰ কাৰ্যালয়ত গঢ় লৈ উঠা এটা দালাল চক্ৰৰ তৎপৰতাতে জিলাখনত এনে অনিয়ম অব্যাহত থকা বুলি অভিযোগ কৰি এই দালালচক্ৰৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা হাতত নল'লে অনাগত দিনত কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। ইয়াৰ কিছুদিন পূর্বেও ছাত্র সংগঠনটেৱে ফুলনি ৰাজহ চক্ৰ কাৰ্যালয়ত উল্লিখিত বিষয় সন্দৰ্ভত এক দুঘণ্টীয়া অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ উপৰিও অলপতে মাঞ্জাৰ মহেনদিজুৱাত এক সংবাদমেলৰ আয়োজন কৰি চাৰিলেনযুক্ত পথৰ মাটিৰ অধিগ্ৰহণৰ নামত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগত ব্যাপক দুর্নীতিৰ অভিযোগ উত্থাপন কৰে ডিমাছা ছাত্ৰ সন্থাই। এইক্ষেত্ৰত মণ্ডল আৰু ৰাজহ বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কাৰোবাৰ মাটি আন কাৰোবাৰ নামত পট্টা কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে। মাটিৰ পট্টা উলিওৱাৰ ক্ষেত্ৰতো এইসকল লোক বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিপৰীতে মহেনদিজুৱাৰ পৰা ইকৰাণিলৈকে বৃহৎ ডিমাচা অধ্যুষিত এলেকাটোত এতিয়া মণ্ডল আৰু দালালে তৃতীয় পক্ষৰ সহযোগত ভূমিপট্টাৰ নামত বৃহৎ কেলেংকাৰী কৰি অহাৰ অভিযোগ কৰে।
ডিমাচা ছাত্ৰ সন্থাৰ নেতা ধীৰাজ ডিফুছাই এনে অন্যায়ৰ বিৰুদ্ধে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক হস্তক্ষেপ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। চাৰিলেনযুক্ত পথৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰি পদ্ম টেৰণ নামৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা বুলিও জানিব পৰা গৈছে। ইয়াৰ উপৰিও জিলাখনৰ ডকমকাৰ চাৰিখনকৈ গাঁৱৰ বাসিন্দাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এক স্মাৰকপত্ৰ যোগে চাৰিলেনযুক্ত পথৰ ভূমি অধিগ্রহণ হোৱাৰ পিছতো আজিপর্যন্ত প্রাপ্য ধন লাভৰ পৰা বঞ্চিত হোৱাৰ বিষয়টো দৃষ্টিগোচৰ কৰা বুলি জানিব পৰা গৈছে। ডকমকাৰ জেং ৰংহাং, হৰি তাৰ’, চাৰ্থে তেৰাং আৰু লংকি তেৰাং গাঁৱৰ ৰাইজে অলপতে মুখ্য কাৰ্যবাহীলৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, উল্লিখিত চাৰিওখন গাঁৱৰ ৰাইজে ভূমি অধিগ্ৰহণৰ বিনিময়ত সঠিক ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত তীব্ৰ অনিশ্চয়তা প্ৰকাশ কৰিছে। ডকমকাৰ চাৰিখন গাঁৱৰ বাসিন্দায়ো এইক্ষেত্ৰত ন্যায় লাভৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হস্তক্ষেপ দাবী কৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে, চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণকার্য ক্ষীপ্র গতিৰে আগবঢ়াৰ বিপৰীতে পথছোৱা সম্প্ৰসাৰণৰ নামত ভূমি অধিগ্রহণ হোৱা হিতাধিকাৰীসকলে প্ৰাপ্য লাভৰ বাবে আৰম্ভণিৰে পৰা হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে তদন্তৰো দাবী জনাই আহিছে বিভিন্ন পক্ষই।
No comments