Breaking News

ডঃ পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হয় 'ৰংবং তেৰাং সোঁৱৰণী বঁটা'

বোকাজান, ১৫ জানুৱাৰীঃ যোৱা ১৩ জানুৱাৰীত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হয় 'ৰংবং তেৰাং সোঁৱৰণী বঁটা'। এই উদ্দেশ্যে যোৱা বৃহস্পতিবাৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এক বিশেষ অনুষ্ঠানত ডঃ দেৱগোস্বামীক আনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰদান কৰা ভাষণত এই বঁটাই জিলাখনত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক শক্তিশালী কৰি শান্তি আৰু প্ৰগতিৰে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা প্রকাশ কৰে। বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত সত্ৰাধিকাৰী ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে সকলো জাতি জনগোষ্ঠীয়ে একতাৰ ডোলেৰে বান্ধ খাই বিশ্ব জয় কৰিবলৈ আগুৱাই যাব লাগিব বুলি মত ব্যক্ত কৰে। প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ ভাষা-সংস্কৃতিক ৰক্ষণাবেক্ষণ দি নিজৰ জাতিসত্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলে আমি সফল হ’ব পাৰিম বুলি মন্তব্য কৰে। চিংথুৰ প্ৰকাশনে প্ৰদান কৰা এই বঁটাত কাৰ্বি সাজ-পাৰ, চেলেং চাদৰ, পহ’, ফুলাম গামোচা, স্মাৰক, জাম্বিলী আথঙৰ লগতে নগদ ধন প্ৰদান কৰা হয়। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, বিশিষ্ট লেখক ডঃ সূৰ্য হাজৰিকা, বিধায়ক বিদ্যাছিং ইংলেং আদি উপস্থিত থাকে।



No comments