Breaking News

সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব বেলট পেপাৰ

বোকাজান, ১৪ ডিচেম্বৰঃ আসন্ন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন পৰিচালনা কৰাৰ বাবে  ব্যৱহাৰ হ'ব বেলট পেপাৰ ৷ সোমবাৰে এই সন্দৰ্ভত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত এখনি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে', বিধায়ক দৰছিং ৰংহাং, বিদ্যাছিং  ইংলেং, ৰূপছিং টেৰণ, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, পৰিষদৰ প্ৰধান সচিব, দুই পাৰ্বত্য জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে  বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসহ,  ৰিচার্ড হাঞ্চে, বিজেপিৰ পশ্চিম চিপিআই(এমএল)ৰ ৰবি কুমাৰ ফাংচ', এপিএইচএলচিৰ মুখপাত্ৰ আংটং ইংতি কাথাৰ, এনপিপিৰ ৱেলকাম  টেৰণ, এএছডিচিৰ ৰামছিং তেৰাং আৰু  ছনাছিং তেৰাং উপস্থিত থাকে ৷  উক্ত বৈঠকত উপস্থিত সকলোৰে মতামত তথা আলোচনাৰ অন্তত আসন্ন পৰিষদীয় নির্বাচনত ২০২২ চনত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ ব্যৱহাৰৰ সৰ্বদলীয় সিদ্ধান্ত গ্ৰহণ কৰে।




No comments