ডিফুত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
বোকাজান, ১৪ ডিচেম্বৰঃ যোৱা নিশা ডিফুত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, যোৱা নিশা প্ৰায় ১১-৪৫ বজাত ডিফুৰ ৰংখেলানৰ কে এছ এ কাৰ্যালয়ৰ সন্মুখত এগৰাকী মটৰ চাইকেল আৰোহী আৰু এখন জিপচিৰ মুখামুখি সংঘৰ্ষ হয় ৷ উক্ত দুৰ্ঘটনাত মটৰ চাইকেল আৰোহীগৰাকী গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাত আহত ডিফুৰ চেৰলংজনৰ জেকৱ হাঞ্চেক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ মৃত হাঞ্চে বিজেপিৰ কাৰ্বি আংলং জিলা সমিতিৰ জনজাতীয় মৰ্চাৰ তথ্য আৰু প্ৰযুক্তি কোষৰ আহ্বায়ক হিচাপে কৰ্মৰত আছিল ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি জিপচিখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।
No comments