বকলীয়াঘাটত যাতায়তৰ নামত যমৰ যাতনা ভুগিছে শিক্ষক-ছাত্ৰ-ছাত্ৰীয়েঃপথ নিৰ্মাণত নামি পৰিল বিদ্যালয়ৰ প্ৰধান শিক্ষক
বোকাজান, ১৪ ডিচেম্বৰঃ গ্ৰামাঞ্চল এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষা ব্যৱস্থাৰ সুবিধাৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ এখন বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাতায়তৰ নামত যমৰ যাতনা ভুগি অহাৰ তথ্য পোহৰলৈ আহিছে। বিদ্যালয়লৈ যোৱা পথৰ কোনো ব্যৱস্থা নথকাৰ বাবে সম্প্ৰতি বিদ্যালয়খনৰ স্বয়ং প্ৰধান শিক্ষকেই বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে হাতত কোৰ লৈ পথ নিৰ্মাণৰ কামত লাগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বকলীয়াঘাট নগৰৰ গাতে লাগি থকা তথা যমুনা নৈৰ দাঁতি-কাষৰীয়া পূব হগলাকটা গাওঁত থকা পূব হগলাকটা প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ বাবে সম্প্ৰতি কোনোধৰণৰ বাট-পথ নোহোৱাৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনত নিয়োজিত শিক্ষকসকল। যমুনা নৈৰ পাৰেৰে পূৰ্বে বিদ্যালয়খনলৈ যোৱাৰ সুচল পথ আছিল যদিও পূব হগলাকটাত বিগত বছৰসমূহত অব্যাহত থকা প্ৰবল গৰাখহনীয়াৰ ফলত গাওঁখনৰ একমাত্ৰ পথটো খহনীয়াৰ বুকুত জাহ যোৱাৰ ফলত নৈপৰীয়া গাওঁখনৰ পথ-যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিপন্ন হৈ পৰে। এনে অৱস্থাৰ ফলত পূব হগলাকটা বিদ্যালয়লৈ যোৱা সকলো পথ বন্ধ হৈ পৰাৰ ফলত শেহতীয়াকৈ বিদ্যালয়খনৰ শিক্ষকসকলৰ তৎপৰতাত গাওঁখনৰ মাজেৰে এক অন্য হাবিতলীয়া পথ বিদ্যালয়খনলৈ যোৱাৰ বাবে সাজি উলিওৱা হয়। ছাত্ৰ-ছাত্ৰীৰ বাবে মুঠেই বিপদসংকুল কুঁহিয়াৰ খেতিৰ মাজেৰে যোৱা হাবিতলীয়া লুংলুঙীয়া পথছোৱা যাতায়তৰ বাবে মুঠেও উপযোগী নহয়। বাৰিষা কালত কমেও প্ৰায় ডেৰ কিলোমিটাৰ পথ বোকা গচকি খোজ কাঢ়িহে বিদ্যালয়খনত উপস্থিত হয় বিদ্যালয়খনত নিযুক্ত শিক্ষকসকল। খৰালিও যাতায়তৰ বাবে মুঠেই উপযোগী নোহোৱা পথছোৱা অসংখ্য গাত তথা খলা বমাৰে ভৰি থকাৰ ফলত দুচকীয়া বাহনেৰে বিদ্যালয়খনলৈ যোৱাৰ ক্ষেত্ৰতো শিক্ষকসকল বহু সমস্যাৰ সন্মুখীন হয়। চৰম দুৰৱস্থাৰে ভৰা পথছোৱা মেৰামতিৰ বাবে বিদ্যালয়ৰ শিক্ষকসকলে স্থানীয় লোকৰ সহযোগিতা বিচাৰে যদিও স্থানীয় লোকসকলৰ তৰফৰ পৰাও এই ক্ষেত্ৰত কোনোধৰণৰ সহাৰি পোৱা নগ'ল বুলি বিদ্যালয়খনৰ শিক্ষকসকলে জানিবলৈ দিছে। চৰকাৰৰ তৰফৰ পৰাও গাওঁখনৰ যাতায়তৰ কোনোধৰণৰ ব্যৱস্থা নকৰাৰ ফলত উপায়ন্তৰ হৈ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক নাৰায়ণ চৌহানে শেহতীয়াকৈ নিজেই পথ নিৰ্মাণৰ কামত লাগি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পূব হগলাকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ চৌহানে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, পুৱা বিদ্যালয়ৰ পাঠ আৰম্ভ হোৱাৰ পূৰ্বেই কিছু সময় পথছোৱা মেৰামতি কৰি নিজৰ লগতে বিদ্যালয়ৰ সহকৰ্মী তথা ছাত্ৰ-ছাত্ৰীসকল যোৱাৰ বাবে ব্যৱস্থা কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ২০০৮ চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ বাবেও বিদ্যালয়খনত নিতৌ উপস্থিত হৈ পাঠদান তথা পাঠ গ্ৰহণ প্ৰক্ৰিয়া যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰা বুলি প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অতি শীঘ্ৰে বিদ্যালয়খনলৈ সুবিধাজনক যাতায়তৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছে বিদ্যালয়খনৰ ভুক্তভোগী শিক্ষকসকলে।
No comments