Breaking News

খেৰণিত পেট্ৰ'ল-ডিজেল তেল ডিপুৰ শুভ উদ্বোধন

খেৰণি, ১৯ নৱেম্বৰঃ আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰণি থাৰ্ৱে-হিদিত আনুষ্ঠানিকভাৱে এটা তেল ডিপুৰ উদ্ধোধন কৰা হয়। উক্ত "ইচ্চাৰ পেট্ৰ'ল ডিপু"টো মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ৷ বৰ্তমান জিলাখনৰ হামৰেণ, বৈঠাংলাংছ' আৰু খেৰণিত থকা ৭ টাকৈ তেল ডিপুৰ লগতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা তেল ডিপুটো অন্যতম হিচাপে সংযোজন হয় ৷ আনহাতে "ইচ্চাৰ পেট্ৰ'ল ডিপু"ৰ স্বত্তাধিকাৰী তিমুঙে, জিলাখনত দ্ৰুতগতিত বৃদ্ধি পোৱা যান-বাহনৰ সংখ্যাৰ প্ৰতি দৃষ্টি ৰাখি নতুনকৈ সংযোজন হোৱা "ইচ্চাৰ পেট্ৰ'ল ডিপু"টোৱে পেট্ৰ'ল আৰু ডিজেলজাত সামগ্ৰীৰ প্ৰয়োজনীয়তা বহুখিনি দূৰ কৰিব বুলি উল্লেখ কৰাৰ লগতে উচিত মূল্যত আৰু উচিত মাপ-জোখৰে পেট্ৰ'ল-ডিজেল ৰাইজক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷ উল্লেখ্য যে, এই পেট্ৰ'ল ডিপুটোৰ আনুষ্ঠানিক শুভ উদ্ধোধনী কাৰ্যসূচীত হামৰেণ পৰিষদীয় সমষ্টিৰ বিজেপিৰ সভাপতি বীৰেণ তিছ', হামৰেণ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰমেন ফাংছ’ৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।





No comments