মৰিগাওঁত ২৪ সংখ্যক আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সফল সামৰণিঃ কাৰ্বি আংলঙৰ দলে ২-১ গ'লত কোকৰাঝাৰ দলক হৰুৱাই চূড়ান্ত খিতাপ অৰ্জন
বোকাজান, ১৯ নৱেম্বৰঃ মৰিগাওঁ জিলাৰ ভুৰবন্ধা খেলপথাৰত চলি থকা ২৪ সংখ্যক আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপত কাৰ্বি আংলং মহিলা ফুটবল দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি সমগ্ৰ পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, তীব্ৰ প্ৰতিদ্বন্দিতামূলক আজিৰ চূড়ান্ত খেলখনত কাৰ্বি আংলঙৰ মহিলা ফুটবল দলে কোকৰাঝাৰ মহিলা ফুটবল দলক ২-১ গ'লত হৰুৱাই চেম্পিয়ণশ্বিপৰ খিতাপ অৰ্জন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত ৩ মিনিটত কাৰ্বি আংলঙৰ হৈ মাৰ্টিনা বে'পীয়ে দিয়া গলৰ সহায়ত দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে ৷ ইয়াৰ পিছত পুনৰ কাৰ্বি আংলং দলৰ হৈ ২৭ মিনিটত এনে কিপ্পেনে দ্বিতীয়টো গ'ল দি গ'লৰ ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে ৷ আনহাতে, খেলৰ দ্বিতীয়াৰ্ধত কোকৰাঝাৰ দলৰ হৈ ৭৮ মিনিটত এটা গ'ল পৰিশোধ কৰে ৷ চূড়ান্ত খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কাৰ্বি আংলঙৰ ছোনিয়া মাৰাকে আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ সন্মান লাভ কৰে জিলাখনৰ মাধুৰী বসুমতাৰীয়ে ৷ ইয়াৰ পূৰ্বে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমিন্দ্ৰ ব্ৰহ্ম আৰু কোষাধ্যক্ষ হীৰেণ গগৈ, কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ড০ পংকজ টেৰণ আৰু স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰে সৈতে খেলুৱৈসকলক পৰিচয় কৰাই দিয়া হয় ৷ চূড়ান্ত খেলখন পৰিচালনা কৰে মৃদুলা মেচে ৷ তেওঁক লাইনত সহায় কৰে সোণালী কোঁৱৰ আৰু মিণ্টু বৰদলৈয়ে ৷ আনহাতে, চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে ছাইদুল ৰহমানে ৷
No comments