বকলীয়াঘাটত চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন
বোকাজান, ১৯ নৱেম্বৰঃ কোচ মহাবীৰ চিলাৰায়ৰ এক প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আজি বকলীয়াঘাটত আধাৰশিলা স্থাপন কৰা হয়। আজি দিনৰ প্ৰায় এঘাৰ বজাত বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত স্থাপিত হ'বলগীয়া মহান বীৰগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ লাংফেৰৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙে। উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰ পৰা দহ লাখ টকা বকলীয়াঘাটৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে আগবঢ়োৱা হৈছে। পৰিষদীয় সদস্য ৰামছিং তিমুঙে প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰি প্ৰদান কৰা ভাষণত কাইলৈৰ পৰাই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি পৰৱৰ্তী দুমাহৰ ভিতৰত চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি আশা প্ৰকাশ কৰে। বীৰ চিলাৰায়ৰ দৰে এগৰাকী মহান বীৰৰ প্ৰতিমূৰ্তি স্থাপনৰ ফলত বকলীয়াঘাট এলেকাৰ সৌষ্ঠৱ বৃদ্ধি হ'ব বুলি পৰিষদীয় সদস্যগৰাকীয়ে মত প্ৰকাশ কৰে। কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নিৰ্মল হাজৰিকা, বকলীয়াঘাট নগৰ সমিতিৰ উপাধ্যক্ষা অনিতা শইকীয়া আদিয়েও সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সভাখনৰ আঁত ধৰে কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক বীৰেণ বৰাই।
No comments