ডিফুৰ ৰেংবংহম উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্রস্তুতি
বোকাজান, ২৫ নৱেম্বৰঃ কার্বি প্রবাদ পুৰুষ ৰেংবংহমৰ আদর্শৰে ডিফু চহৰৰ পৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত ৰংপাংবং নামৰ ঠাইত ১৯৭২ চনৰ ২৬ জানুৱাৰীত ৰেংবংহম উচচ মাধ্যমিক বিদ্যালয় (বর্তমান উচচতৰ মাধ্যমিক বিদ্যালয়) খনে প্রতিষ্ঠা লাভ কৰে। তেতিয়াৰ ডিফু নগৰৰ কেইগৰাকীমান নমস্য ব্যক্তিৰ আপ্রাণ প্রচেষ্টাত প্রতিষ্ঠা লাভ কৰা বিদ্যালয়খনে ৫০ বছৰ সম্পূৰ্ণ কৰিব। আগন্তুক বৰ্ষৰ ২৬ জানুৱাৰীত ৰেংবংহম উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্যেৰে আজি শিক্ষানুষ্ঠানখনৰ প্রেক্ষাগৃহত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামছিং তেৰাঙৰ পৌৰোহিত্যত এক শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হয়। সভাৰ সিদ্ধান্ত অনুসৰি, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামছিং তেৰাঙক সভাপতি আৰু বিদ্যালয়খনৰ অধ্যক্ষ লংছিং তিমুঙক সম্পাদক হিচাপে লৈ সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়। সভাত সমিতিখনক পূর্ণাংগ ৰূপ দিবলৈ মূল সমিতিৰ সভাপতি-সম্পাদকক দায়িত্ব অর্পণ কৰা হয়। সমিতিত বিদ্যালয়খনৰ প্রাক্তন অধ্যক্ষ পুণ্যৰাম শইকীয়া, বিশিষ্ট সমাজসেৱক পাৰি ৰংপি, গান্ধীৰাম টকবি আৰু প্রাক্তন অধ্যক্ষসকলক উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। প্রাক্তন অধ্যক্ষ পুণ্যৰাম শইকীয়া, সুবর্ণ বৰুৱা চেতিয়া, মিনতি বৰা, খ্রীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোচেছ হানছে আৰু স্থানীয় ব্যক্তিসকলে আজিৰ সভাত উপস্থিত থাকি বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী অনুষ্ঠানটি সফলভাৱে উদযাপন কৰাৰ বাবে বিভিন্ন দিশত দিহা পৰামর্শ আগবঢ়ায়। আনহাতে, সোণালী জয়ন্তী উদযাপনৰ কার্যসূচীত প্রাক্তন ছাত্র-ছাত্রীসকলকো অংশীদাৰ হ'বলৈ বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্রীসকলৰ সৈতে যোগাযোগ কৰিবলৈ সভাই আহ্বান জনায়।
No comments