বকলীয়াঘাটত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এজন
বোকাজান, ২৫ নৱেম্বৰঃ হত্যাৰ অভিযোগত বকলীয়াঘাট আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰি আজি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, যোৱা ২১ নৱেম্বৰত বকলীয়াঘাট থানাৰ অন্তৰ্গত তিচম গাওঁৰ পাহাৰ এলেকাত উক্ত গাওঁখনৰ নিবাসী কৃষ্ণ বাহাদুৰ প্ৰধান নামৰ লোকজনে খেতিৰ কামত ব্যস্ত থকাৰ সময়তে জিলাংছ'ৰ ৰণজিৎ তিছ' নামৰ যুৱকজনে উক্ত স্থানত উপস্থিত হৈ অপ্ৰৰোচিতভাৱে কৃষ্ণ বাহাদুৰ প্ৰধানক প্ৰহাৰ কৰে। উক্ত ঘটনাত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকজনক ততালিকে ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও কালি বিয়লি চিকিৎসাধীন অৱস্থাতে কৃষ্ণ বাহাদুৰ প্ৰধানৰ মৃত্যু হয়। ইয়াৰ পিছতে কৃষ্ণ বাহাদুৰ প্ৰধানৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰণজিৎ তিছ'ক গ্ৰেপ্তাৰ কৰি আজি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, এই সন্দৰ্ভত বকলীয়াঘাট থানাত ৬১/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।
No comments