ৰাজ্য কঁপোৱা সন্তোষ হোজাইৰ অপহৰণ-হত্যাকাণ্ড ঘটনাৰ চিআইডিৰ চাৰ্জশ্বীট দাখিলঃ জিলা আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈসহ আৰক্ষীৰ বিষয়ববীয়াৰ নাম চাৰ্জশ্বীটত উল্লেখ
বোকাজান, ২৫ নৱেম্বৰঃ বিগত প্ৰায় ডেৰ বছৰ পূৰ্বে ডিমা হাচাও জিলাত প্ৰৱল আলোড়নৰ সৃষ্টি কৰা সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্তকাৰী চিআইডিয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ বাতৰি পোৱা গৈছে। বিগত সময়ছোৱাত ৰাজ্যজুৰি চৰ্চা লাভ কৰা এই হত্যাকাণ্ডৰ গোচৰত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়াকে ধৰি মুঠ আঠজনৰ নাম তদন্তকাৰী সংস্থাটোৰ চাৰ্জশ্বীটত উল্লেখ থকা বুলি জানিব পৰা গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত চিআইডিয়ে দাখিল কৰা উক্ত চাৰ্জশ্বীটত তেতিয়াৰ ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙকো অভিযুক্ত কৰা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি চিআইডিৰ চাৰ্জশ্বীটত উল্লেখ থকা অন্যান্যসকলৰ ভিতৰত এগৰাকী আৰক্ষীৰ উপপৰিদৰ্শক, চাৰিজন আৰক্ষী কনিষ্টবল আৰু উগ্ৰপন্থী সংগঠন DNLA ৰ কেডাৰ গ্ৰেকচন হোজাই ওৰফে এলবিন হোজাই ওৰফে চলগৌৰী। ইয়াৰে দুগৰাকী আৰক্ষী কনিষ্টবলক ২০২০ চনৰ নৱেম্বৰত চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৱা ১৯ এপ্ৰিলত ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় DNLA ৰ কেডাৰ এলবিন হোজাইক। স্মৰ্তব্য যে, ২০২০ চনৰ ২৪ এপ্ৰিলত প্ৰায় ছয়জনীয়া এটা সশস্ত্ৰৰ দলে হাৰাংগাজাওৰ নিজা বাসভৱনৰ পৰা সন্তোষ হোজাইক বন্দুক দেখুৱাই অপহৰণ কৰি নিয়ে। চিআইডিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা চাৰ্জশ্বীটত সন্তোষ হোজাইক নিজ বাসভৱনৰ পৰা অপহৰণ কৰি নিয়াৰ পিছত নৃশংসভাৱে নিৰ্যাতন চলাই হত্যা কৰা ঘটনাৰ সবিশেষ চিআইডিৰ তদন্তত প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে। চাৰ্জশ্বীটত উল্লেখ থকা অনুসৰি সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ঘটনাত আৰক্ষীয়ে সকলো নীতি-নিয়ম ভংগ কৰাৰ অভিযোগ কৰা হৈছে। সম্পূৰ্ণ নীতিবিৰোধভাৱে সন্তোষ হোজাইক আৰক্ষীয়ে উঠাই নিয়াৰ লগতে আৰক্ষীয়ে নিজৰ জিম্মাত ৰখা অৱস্থাত সন্তোষ হোজাইৰ ওপৰত নিৰ্মম হত্যা চলোৱা হৈছিল। আনকি চৰকাৰী বাগান টাউন আউটপোষ্টত আৱদ্ধ কৰি ৰখা অৱস্থাত সন্তোষ হোজাইক কোনো চিকিৎসা সেৱাৰো সুবিধা প্ৰদান কৰা হোৱা নাছিল বুলি চাৰ্জশ্বীটত উল্লেখ থকা বুলি জানিব পৰা গৈছে। যাৰ বাবেই ২৫ এপ্ৰিলত সন্তোষ হোজাইৰ অৱশেষত মৃত্যু হয়। আনহাতে, এই ঘটনাৰ প্ৰমাণ নষ্ট কৰাৰ বাবেই আৰক্ষীয়ে পিছত সন্তোষ হোজাৰ মৃতদেহ মাটিত পুতি থোৱা বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা এই গোচৰ প্ৰক্ৰিয়াত সন্তোষ হোজাইৰ পক্ষৰ অধিবক্তা দেশ্ৰিংদাও থাচেনে সংবাদমাধ্যমক এই কথা অৱগত কৰাৰ লগতে ডিমা হাচাওৰ নিম্ন আদালতত সম্প্ৰতি এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাৰ বাবে অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ক ধন্যবাদ জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্তৰ জৰিয়তে চাৰ্জশ্বীট দাখিল কৰাৰ বাবে চিআইডিকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, সমগ্ৰ দেশজুৰি কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউন অব্যাহত থকাৰ মাজতে ২০২০ চনৰ ২৪ এপ্ৰিলত সাধাৰণ পোছাকত বগা ৰঙৰ এখন বলেৰ'ত অহা এদল সশস্ত্ৰ লোকে সন্তোষ হোজাইক তেওঁৰ হাৰাংগাজাও থানাৰ অন্তৰ্গত দামাদি হাৱাৰস্থিত নিজা বাসভৱনৰ পৰা অপহৰণ কৰি নিয়ে। উক্ত ঘটনাৰ লগে লগে সন্তোষ হোজাইৰ পত্নী জয়নত হোজাইয়ে আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যদিও তেতিয়াৰ হাৰাংগাজাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংশু ৰাজকুমাৰে গোচৰ পঞ্জীয়ন কৰিবলৈ অমান্তি হয়। ইয়াৰ পৰিৱৰ্তে পিছদিনাই তেওঁৰ স্বামী ঘৰলৈ উভতি যাব বুলি আৰক্ষী বিষয়াগৰাকীয়ে সন্তোষ হোজাইৰ পত্নীক আশ্বাস প্ৰদান কৰে। আৰক্ষী বিষয়াগৰাকীৰ এনে আশ্বাসৰ দুদিন পিছতো সন্তোষ হোজাইৰ কোনো সম্ভেদ নোলোৱাত স্থানীয় লোকসকলে থানাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত অৱশেষত এই সন্দৰ্ভত হাৰাংগাজাও থানাত এক গোচৰ পঞ্জীয়ন কৰা হয়। ইফালে, সন্তোষ হোজাইৰ অপহৰণ কাণ্ডৰ ছদিন পিছত তেওঁৰ বাসগৃহৰ পৰা প্ৰায় এশ কিলোমিটাৰ নিলগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা লাংটিং থানাৰ অন্তৰ্গত লাইলিং সংৰক্ষিত বনাঞ্চলৰ পৰা সন্তোষ হোজাইৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। সন্তোষ হোজাইৰ মৃতদেহত পোৰাৰ দাগো থকা বুলি জানিব পৰা গৈছিল। মৃতদেহ উদ্ধাৰ হোৱাৰ দুদিন পূৰ্বে অৰ্থাৎ ২৮ এপ্ৰিলত সন্তোষ হোজাইৰ পত্নী জয়নত হোজাইয়ে স্বামীৰ সন্ধান ক্ষিপ্ৰতৰ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশনা দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন জনায়। আনহাতে, মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত জয়নত হোজাইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ জনোৱা এক আবেদনৰ ভিত্তিত সন্তোষ হোজাইৰ অপহৰণ কাণ্ড আৰু হত্যাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰ নিৰ্দেশ দিয়ে। ইয়াৰ মাজতে মাইবঙৰ এটা পেট্ৰ'ল পাম্পৰ পৰা ডিমা হাচাও জিলাৰ তেতিয়াৰ উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাং আৰু আৰক্ষী বাহিনীয়ে গিলানত তেল সংগ্ৰহ কৰাৰ চিচি টিভিৰ ফুটেজ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আনহাতে সন্তোষ হোজাইৰ পত্নী জয়নত হোজাইয়েও সন্তোষ হোজাই অপহৰণৰ বাবে আৰক্ষীৰ উপ-অধীক্ষকগৰাকী সন্তোষ হোজাইৰ ঘৰলৈ যোৱাৰ অভিযোগ উত্থাপন কৰে। সমগ্ৰ জিলাজুৰি সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ ঘটনাই সৃষ্টি কৰা চাঞ্চল্য অব্যাহত থকাৰ সময়তে এই ঘটনাত আৰক্ষীৰ লোক জড়িত থকাৰ সন্দেহ বৃদ্ধি পোৱাত সমগ্ৰ ডিমা হাচাও জিলাতে এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ডিমা হাচাও জিলাত সংশ্লিষ্ট আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত নিতৌ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হ'বলৈ ধৰা পৰিলক্ষিত হয়। ইয়াৰ মাজতে সূৰ্যকান্ত মৰাঙৰ ডিমা হাচাও জিলাৰ পৰা বদলি হোৱাৰ লগতে জিলাখনত নতুনকৈ নিযুক্তি হোৱা আৰক্ষী অধীক্ষক জয়ন্ত সিঙে দায়িত্ব লোৱাৰ পিছতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত তেতিয়াৰ হাৰাংগাজাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংশু ৰাজকুমাৰক নিলম্বন কৰা হয়। ২০২০ চনৰ জুন মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ তদন্তৰ ভাৰ চিআইডিক দিয়াৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়ে। চিআইডিয়ে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছত ২০২০ চনৰ নৱেম্বৰত দুগৰাকী অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ কৰা পিছত ঘটনা সন্দৰ্ভত শেহতীয়াকৈ চাৰ্জশ্বীট দাখিল কৰে। ডিমা হাচাও জিলাত তীব্ৰ আলোড়নৰ সৃষ্টি কৰা সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত চিআইডিয়ে দাখিল কৰা চাৰ্জশ্বীটত কেইবাগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নাম উল্লেখ কৰা ঘটনাই স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
No comments