Breaking News

ডেনগাওঁত পথ দুৰ্ঘটনাত নিহত এজন

বোকাজান, ২৬ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত জেনগাওঁত আজি নিচেই পুৱাৰ ভাগত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা প্ৰায় চাৰি বজাত নম্বৰ প্লেটবিহীন এখন খালী ডাম্পাৰে বাঁহ কঢ়িয়াই নিয়া এখন ঠেলাক পিছফালৰ পৰা মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন ডকমকা থানাৰ অন্তৰ্গত নিংক্ৰেং তিচ্চ' গাওঁৰ নিবাসী বুৰাছিং কিলিং বুলি চিনাক্ত কৰা হৈছে।



No comments