Breaking News

কাৰ্বি আংলঙত ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বজাৰঃ ভুৱা প্ৰমাণপত্ৰ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষকসহ এজনঃ ৫০ ৰ পৰা এক লাখ টকা পৰ্যন্ত দৰত বিক্ৰী এখন প্ৰমাণপত্ৰ

বোকাজান, ২৬ নৱেম্বৰঃ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক নিকা কৰাৰ লগতে উপযুক্ত মেধাসম্পন্ন প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰে চৰকাৰে অসমত শিক্ষকৰ চাকৰিৰ বাবে যোগ্যতা নিৰূপণকাৰী টেট পৰীক্ষা অনুষ্ঠিত কৰি উপযুক্ত মেধা সম্পন্ন প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তি লাভৰ বাবে ৰাজ্যত ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বজাৰে শেহতীয়াকৈ গা কৰি উঠা পৰিলক্ষিত হৈছে। অলপতে, বিটিএডি এলেকাত এনেদৰে ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লাভ কৰা ভালে কেইগৰাকী প্ৰাৰ্থী আৰক্ষীৰ জালত পৰাৰ ঘটনাই ৰাজ্যখনত সক্ৰিয় হৈ থকা অপৰাধী চক্ৰটোৰ তৎপৰতা স্পষ্ট ৰূপত দাঙি ধৰাৰ সময়তে কাৰ্বি আংলং জিলাত আৰক্ষীয়ে সুকীয়া সুকীয়াকৈ অভিযান চলাই ভুৱা টেটৰ প্ৰমাণপত্ৰৰ ব্যৱসায় চলোৱা দুগৰাকী দুৰ্বৃত্তক জালত পেলাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, যোৱা ২৪ নৱেম্বৰৰ সন্ধিয়া ডকমকাত দিছপুৰ থানাৰ আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত অভিযান চলাই জয়ছিং তাৰ' নামৰ এনে এটা দালালক আটক কৰিবলৈ সক্ষম হৈছে। ডকমকাৰ থংনকবে মহাবিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক জয়ছিং তাৰ'ক ভুৱা টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বেহা চলোৱাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লগে লগে গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত সবিশেষ তথ্য জানিব পৰা হোৱা নাই যদিও ধৃত তাৰ'ৱে ৫০,০০০ টকাৰ পৰা এক লাখ টকা পৰ্যন্ত দৰত অৰ্ধ শতাধিক প্ৰাৰ্থীক ভুৱা প্ৰমাণপত্ৰ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে। আনহাতে, বোকাজান মহকুমা আৰক্ষী বিষয়া আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ডিলাইৰ খৰছিং ইংলেং গাঁৱৰ নবীন ইংলেং নামৰ শিক্ষকগৰাকীকো আটক কৰিবলৈ সক্ষম হৈছে। কয়লাজান ডি এ ভি স্কুলৰ কাৰ্বি ভাষাৰ শিক্ষক নবীন ইংলেঙৰ বাসগৃহৰ পৰা আৰক্ষীয়ে টেট পৰীক্ষাৰ ভালেসংখ্যক প্ৰমাণপত্ৰ, মাৰ্কশ্বিট, এডমিট কাৰ্ড আদি জব্দ কৰাৰ লগতে বহু টেট প্ৰাৰ্থীৰ নাম ঠিকনাৰ তালিকাও আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জিলাখনত অব্যাহত থকা এনে ভুৱা প্ৰমাণপত্ৰৰ বেহাত ৰাজ্যখনৰ অন্য জিলাৰে সংগঠিতভাৱে এক বৃহৎ  অপৰাধীৰ নেটৱৰ্ক জড়িত থকাৰ সন্দেহ কৰা হৈছে।



No comments