Breaking News

ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ বৰ্দ্ধিত সভা সম্পন্নঃএকাংশ সুবিধাবাদী কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিছে -সাংসদ আব্দুল খালেক

ডিফু, ২৪ আগষ্টঃ তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ  বুজ ল'বলৈ আজি কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগে শাসক-বিৰোধী সকলো সৰু-বৰ ৰাজনৈতিক দলেই সাংগঠনিক তৎপৰতা আৰম্ভ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে ৷ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ়্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সদস্যসকলক লগত লৈ ডিফুত উপায়ুক্তসকলৰ সন্মিলন সম্পন্ন কৰি গুচি যোৱাৰ পিছতে কাৰ্বি আংলং জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ বুজ ল'বলৈ মঙ্গলবাৰে ডিফুত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীয়ে তিনিদিনীয়া কাৰ্যসূচী লৈ তিনি পাৰ্বত্য জিলা ক্ৰমে, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও ভ্ৰমণ কৰাৰ পিছত আজি ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ যুটীয়া কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে ৷ সাংবাদ মাধ্যমক সম্বোধি বৰপেটাৰ সাংসদ আব্দুল খালেকে সমাগত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈ পৰিষদ দখল কৰিব বুলি কয় ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অবাধ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ কৰি এনে দুৰ্নীতিৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি কয় ৷ ৰাইজে ইয়াৰ অৱসান বিচাৰিছে বুলি কৈ শাসকীয় বিজেপি দলৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য়য়ে কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ কৰিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ এইসকল নেতাই এতিয়াই কংগ্ৰেছত যোগদান নকৰিলেও নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ একাংশ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ ওপৰত সাংসদ আব্দুল খালেকে সেইসকল সুবিধাবাদী, তেওঁলোকৰ পৰা দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰে। লগতে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰসংগ টানি আনি সাংসদগৰাকীয়ে কয় যে,  দিল্লী নিৰ্বাচনৰ পূৰ্বে বহু "আপ"নেতা বিজেপিত যোগদান কৰিছিল তাৰে একাংশ ব্লেকমেইলিঙৰ বলি হৈ বিজেপিলৈ গৈছিল যদিও অৱশেষত বিজেপি ধুলিস্যাৎ হৈ "আপ" দিল্লীৰ ক্ষমতালৈ আহিছিল ৷ আজিৰ সভাত কংগ্ৰেছ নেতা মানস বৰা, প্ৰাক্তন বিধায়ক শশীকান্ত দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গোলাপ শইকীয়া, প্ৰফুল্ল বড়ো, ডাঃ মংবে ৰংপি, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতি, কাৰ্যকৰী সভাপতি অশোক টেৰণকে আদি কৰি জিলাখনৰ আন আন দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে ৷



No comments