Breaking News

কেএছৱাইচি, কেএফএ আৰু কেএছইউৰ যুটীয়া সংবাদমেলঃ সীমা সমস্যাক লৈ চৰকাৰৰ "দিয়া-লোৱা" নীতি মানি লোৱা নহ'ব-কেএছৱাইচি, কেএফএ, কেএছইউ

ডিফু, ২৬ আগষ্টঃ পশ্চিম কাৰ্বি আংলং জিলা সংলগ্ন অসম-মেঘালয় সীমা সমস্যাক লৈ ক্ৰমাৎ সৰৱ হৈ পৰিছে জিলাখনৰ ইটোৰ পিছত সিটো সামাজিক তথা ছাত্ৰ সংগঠন ৷ আজি ডিফুস্থিত কাৰ্বি ষ্টুডেণ্টছ্ এণ্ড য়ুথ কাউঞ্চিলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে কেএছৱাইচি, কেএফএ আৰু কেএছইউয়ে যুটীয়া সংবাদ মেলৰ আয়োজন কৰি অসম-মেঘালয় সীমান্তত উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতিৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অলপতে মেঘালয়ৰ শ্বিলঙত অসমৰ মুখ্যমন্ত্ৰীৰে শ্বিলঙৰ মুখ্যমন্ত্ৰীৰে সৈতে হোৱা "দিয়া-লোৱা" আলোচনাৰ পোষকতা কৰাৰ পিছৰ পৰাই সীমান্তত এনে উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি অভিযোগ কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ সীমান্তঞ্চলত দীৰ্ঘদিনৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে একেলগে বসবাস কৰি আহিছিল যদিও "দিয়া-লোৱা" নীতিৰ অৱতাৰণা হোৱাৰ লগে লগে সীমান্তত মেঘালয় আৰক্ষী আৰু মেঘালয়ৰ ৰাইজে বেদখল আৰম্ভ কৰি দিছে বুলি মন্তব্য কৰে ৷ সম্প্ৰতি সীমান্তবাসী ৰাইজে চৰম নিৰাপত্তাহীনতাত ভুগি থকাৰ সময়তে এইক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নেতৃবৰ্গই সীমাৰ  কোনো ব্যৱস্থা গ্ৰহণ কৰাতো দূৰৈৰ কথা সীমান্তঞ্চলত গৈ সীমান্তবাসীক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে ছ'চিয়েল মিডিয়াত  "বাৰ্থডে" উদযাপনৰ ফ'টো, ভিডিঅ' আপলোড কৰাত দুখ প্ৰকাশ কৰে সংগঠন কেইটাই ৷ ৰাজনৈতিক নেতৃবৰ্গই নিজকে নিৰাপদ স্থানত অৱস্থান নকৰি সীমান্তত গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উভয় পক্ষৰ মাজত গঠনমূলক আলোচনাৰে সমস্যা সমাধানৰ আহ্বান জনায় ৷ অসমৰ ৰাইজে সীমান্তত মেঘালয়ৰ ভূমি বেখল কৰিবলৈ যোৱা নাই, মেঘালয়েহে অসমৰ ভূমি বেদখল কৰিছে বুলি মন্তব্য কৰে ৷ সীমান্তত অধিক আৰক্ষী নিয়োগ কৰি সীমান্ত সুৰক্ষিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ আনহাতে ডিলাই থানাৰ অন্তৰ্গত দিছাপুৰতো নগাই বেদখল অব্যাহত ৰাখিছে বুলি অভিযোগ কৰে সংগঠনসমূহে ৷ কাৰ্বি আংলঙৰ মাটি কোনো কাৰণতে আন ৰাজ্যক গটাই দিয়া মানি লোৱা নহ'ব বুলি সকিয়াই দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ বেদখলকাৰীৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ দৃঢ় স্থিতিক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনায় সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ ১৯৫১ চনৰ চৰকাৰৰ সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ ধৰণেই সীমাৰ অৱস্থান থাকিব লাগিব বুলি দাবী জনায় সংগঠনসমূহে ৷



No comments