Breaking News

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্নঃ ১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান

🔶ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

🔶শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ

🔶১ ছেপ্তেম্বৰৰপৰা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ আৰম্ভ হব পাঠদান প্ৰক্ৰিয়া

🔶২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ হ’ব

🔶৫ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণকৰণ কৰা হব শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

🔶শ্ৰেণীত উপস্থিত থাকিবলৈ কভিড ভেকচিনৰ প্ৰথম ডজ লোৱাটো বাধ্যতামূলক

🔶আনহাতে হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক

🔶৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ SOP

No comments