উৰিয়ামঘাটত মানৱ উত্থান সেৱা সমিতিৰ বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন
ধনশিৰি, ১০ আগষ্টঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটস্থিত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মানৱ উত্থান সেৱা সমিতিয়ে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো মানৱ ধৰ্মৰ প্ৰণেতা সৎপাল মহাৰাজৰ সহধৰ্মীনী অমৃতা মাতাজীৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ৷এই উপলক্ষে আজি পুৱা উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় প্ৰাংগনত বৃক্ষৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে ক্ৰমে উৰিয়ামঘাটস্থিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ চি চেক্টৰৰ চেক্টৰ কামাণ্ডাৰ পি পি মুকেশ, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোচেফ কেভ’ম আৰু উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈয়ে ৷ এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানৰ আঁত ধৰে মানৱ উত্থান সেৱা সমিতিৰ ধনশিৰিৰ প্ৰান্তীয় সম্পাদক কুমাৰ গন্দ্ৰমাই ৷ কাৰ্যসূচীত মানৱ উত্থান সেৱা সমিতিৰ সভাপতি বিতোপন গগৈ , সম্পাদক সন্তোষ লিম্বু , দিপক লায়া, নবীন গগৈসহ ভালেকেইগৰাকী সদস্যই ক'ভিড প্ৰট'কল মানি কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, মানৱ উত্থান সেৱা সমিতিয়ে অঞ্চলটোত প্ৰতিবছৰেই ৰক্তদান শিৱিৰ, ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য-সংস্কৃতি প্ৰতিযোগিতা, স্বচ্ছতা অভিযান আদি কাৰ্যসূচী সম্পন্ন কৰি অঞ্চলবাসীৰ প্ৰশংসা লাভ কৰি আহিছে ৷

No comments