Breaking News

বকলীয়াঘাটত মটৰচাইকেল চুৰি

বকলীয়াঘাট, ১০ আগষ্টঃ বকলীয়াঘাট নগৰৰ মাজমজিয়াৰ পৰাই কালি সন্ধিয়া এখন মটৰচাইকেল চুৰি হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, বকলীয়াঘাট নগৰত হোটেলৰ ব্যৱসায় কৰা বিপুল বৰা নামৰ ব্যৱসায়ীগৰাকীয়ে কালি সন্ধিয়া নিজা ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত নিজা এএছ-০৯-ই-৯১৫২ নম্বৰৰ হোণ্ডা চাইন মডেলৰ দুচকীয়া বাহনখন ৰখাই থৈ হোটেলৰ ভিতৰত ব্যৱসায়িক হিচাপ নিকাচত ব্যস্ত থকাৰ সময়তে কোনো দুৰ্বৃত্তই পথ দাঁতিৰ পৰা মটৰ চাইকেলখন লৈ উধাও হয়। আনহাতে, হোটেলৰ এগৰাকী কৰ্মচাৰীও কালি সন্ধিয়াৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা বুলি হোটেলৰ স্বতাধিকাৰী বিপুল বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে। বকলীয়াঘাট থানাত আজি এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছে।



No comments