বনবিভাগৰ তৎপৰতাৰ গাঁতৰ পৰা উদ্ধাৰ হাতীৰ পোৱালী
ডিফু, ১১ আগষ্টঃ কাৰ্বি আংলং জিলা বনবিভাগৰ ৰঙা পাহাৰৰ ৰেঞ্জত বিয়লি ভাগত এটি হাতী পোৱালী অকষ্মাতে হাবিৰ মাজৰ এটি গাঁতত সোমাই পৰাত বনবিভাগৰ তৎপৰতাত হাতীটো ৰক্ষা পৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি, কালি বিয়লিভাগত কণমানি হাতী পোৱালীটো দুৰ্ঘটনাবশতঃ এটা গাঁতত আৱদ্ধ হৈ পৰাত বনবিভাগৰ লোক এই সন্দৰ্ভত অৱগত হয় ৷ লগে লগে সহকাৰী বন সংৰক্ষক প্ৰহ্লাদ ক্ৰ'ৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটোৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ বনকৰ্মীৰ দলটোৱে এখন এক্সকেভেটৰৰ সহায়ত গাঁত খান্দি সামান্যও দুখ নোপোৱাকৈ হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱাৰ পিছতে হাতীপোৱালীটো জংঘলত দৌৰি পলাই যায় ৷ বৰ্তমান হাতী পোৱালীটো দলদলী সংৰক্ষিত বনাঞ্চলত হাতীৰ জাকৰ লগত সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে ৷


No comments