Breaking News

কাৰ্বি পৰাম্পৰাগত গ্ৰাম পৰিষদ সন্দৰ্ভত গাওঁবুঢ়া সন্থাৰ যুটীয়া সংবাদমেল

ডিফু, ১১ আগষ্টঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া কাৰ্বি পৰাম্পৰাগত গ্ৰাম পৰিষদ গঠন সন্দৰ্ভত আজি কাৰ্বি সাংস্কৃতিক প্ৰকল্পত কাৰ্বি আংলং গাওঁবুঢ়া সন্থা আৰু কাৰ্বি গাওঁবুঢ়া সন্থাই যুটীয়াভাবে এক সংবাদমেলৰ  আয়োজন কৰি কাৰ্বি পৰাম্পৰাগত গ্ৰাম পৰিষদ সন্দৰ্ভত দুয়োটা সংগঠনৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ সন্থাৰ দুটাৰ সভাপতিদ্বয় ক্ৰমে, ধনছিং ৰংহাং আৰু ধৰমছিং টেৰণে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, বিগত ৬ বছৰ ধৰি  জিলাখনত কাৰ্বি পৰাম্পৰাগত গ্ৰাম পৰিষদৰ বাবে অবিৰাম সংগ্ৰাম চলাই আহিছে ৷ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ 2 আৰু উপ অনুচ্ছেদ (e f) মতে সংবিধানে কাৰ্বি পৰাম্পৰাগত গ্ৰাম পৰিষদ গঠনৰ বাবে সুবিধা প্ৰদান কৰা হৈছে  যদিও আজিলৈকে ই সম্ভৱ হৈ উঠা নাই ৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সংগঠন দুটা দাবীৰ প্ৰতি সহযোগিতা আগবঢ়াইছে আৰু পৰাম্পৰাগত  গ্ৰাম পৰিষদ গঠন প্ৰায় নিশ্চিত বুলি  জনাইছে দুয়ো নেতৃবৰ্গই ৷ আনহাতে একাংশ দল-সংগঠন আৰু ব্যক্তি বিশেষে কাৰ্বি আংলং আৰু কাৰ্বি গাওঁবুঢ়া সন্থাৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাই ৰাইজক সংগঠন দুটাৰ বিৰুদ্ধে বিভ্ৰান্ত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে৷ সংগঠন দুটাৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰত  পতিয়ন নাযাবলৈ আহ্বান জনায়৷ আজিৰে পৰা দুয়োটা গাওঁবুঢ়া সন্থাই অধিক দৃঢ় আৰু ঐক্যবদ্ধভাবে কাম কৰি যাব বুলি মন্তব্য কৰে ৷



No comments