ডিএলএছএৰ উদ্যোগত কেৰিয়াৰ গঠনৰ ওপৰত ৰাজ্যিক ভিত্তিত ৱেভিনাৰৰ আয়োজন
ডিফু, ১০ আগষ্টঃ শেহতীয়াকৈ কৰোনা ভাইৰাছৰ সংকটৰ ফলত হাইস্কুলৰ পৰা বিভিন্ন উচ্চ শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিকুলতাৰ পৰিপ্ৰেক্ষিতত কেৰিয়াৰ সম্পৰ্কীয় তথ্য আহৰণত সমস্যাৰ সন্মূখীন হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা অহা ২০ আগষ্টত অনলাইনযোগে এক কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ বিশেষজ্ঞ মেঘনা কৌশিকে উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াব ৷ উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ বাবে দশম শ্ৰেণীৰ পৰা স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলক কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সৈতে ৮৬৩৮৪৩৫৫০৫ নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে ৷

No comments