Breaking News

জটিল ৰোগত আক্ৰান্ত অল্পনা বৰগোহাঁইক আৰ্থিক সাহাৰ্য বীৰ লাচিত সেনা অসমৰ

শিৱসাগৰ, ৮ আগষ্টঃ শিৱসাগৰৰ মগৰাহাট দোলাকাষৰীয়া গাওঁৰ নিবাসী প্ৰশান্ত বৰগোহাঁইৰ পত্নী অল্পনা বৰগোহাঁই বিগত দুটা বছৰ জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে পৰি আছে। আজি বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ সভাপতি শ্ৰী চিতু বৰুৱা, বীৰ লাচিত সেনা ৰুদ্ৰসাগৰ ও হাতীখোক আঞ্চলিক সমিতি, জয়সাগৰ আঞ্চলিক সমিতি, জয়সাগৰ গাওঁৰক্ষী বাহিনীয়ে প্ৰশান্ত বৰগোহাঁইৰ ঘৰত উপস্থিত হৈ আৰ্থিক সাহাৰ্য্য আগবঢ়ায় । ইয়াৰ লগতে অল্পনা বৰগোহাঁই উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰা হৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ।




No comments