লাভলীনাৰ জয়ৰ কামনাৰে ঐতিহ্যমণ্ডিত সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম প্ৰসংগ
ধনশিৰি, ৩ আগষ্টঃ মাজত মাথো আৰু কেইটামান ঘন্টাৰ পিছতে টকিঅ' অলিম্পিকত অসম কন্যা লাভলীনা বৰগোঁহায়ে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। লাভলীনাৰ জয়ৰ কামনাৰে এতিয়া সৰ্বত্ৰে থকা মঠ,মন্দিৰ,নামঘৰত নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে। মঙ্গলবাৰে পুৱাৰ ভাগৰ পৰা সৰুপথাৰৰ ঐতিহ্য মণ্ডিত বাৰখেলিয়া বৰ-নামঘৰত নাম প্ৰসংগ কৰে যাতে লাভলীনাই অলিম্পিকৰ ছেমিফাইনেলত জয়ী হোৱাৰ লগতে ফাইনেলত সোণৰ পদক বুটলি ভাৰত তথা ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। অকল বাৰখেলীয়া নামঘৰেই নহয়; বৰপথাৰ,সৰুপথাৰ অঞ্চলৰ মন্দিৰ,নামঘৰত এতিয়া লাভলীনাৰ জয়ৰ বাৰে পূজা অৰ্চনা নাম প্ৰসংগ কৰা দেখা গৈছে। সকলোৰে এটাই মাত্ৰ কামনা কৰে যে,লাভলীনাই বুধবাৰৰ খেলখনত জয়ী হোৱাৰ লগতে সোণৰ পদকো অৰ্জন কৰে।
No comments