হঠাৎ সাৰ পাই উঠিল কুম্ভকৰ্ণ নিদ্ৰাত থকা সৰুপথাৰৰ গড়কাপ্তানী বিভাগঃ অসম গৌৰৱ লাভলীনাৰ গাঁৱলীয়া বোকাময় পথ নিৰ্মাণৰ কাম আৰম্ভ গড়কাপ্তানী বিভাগৰ
ধনশিৰি, ১ আগষ্টঃ দুৰ্বাৰ ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্রমৰ ফলত টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেলত জয় লাভ কৰা অসম জীয়ৰী লাভলীনা বৰগোহাঁইয়ে প্ৰবেশ কৰিলে ছেমি ফাইনেলত। গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াৰ দৰে এখন সৰু গাঁৱৰ পৰা গৈ টকিঅ' অলিম্পিকত বক্সিং ৰিঙত জয়যাত্ৰা অব্যাহত ৰাখিছে ৰিঙৰ ৰাণী লাভলীনাই। ৪ তাৰিখে তুৰস্কৰ বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৰিঙত সোমাব ৰিঙৰ ৰাণী লাভলীনাই। উল্লেখ্য যে, ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে টকিঅ' অলিম্পিকত লাভলীনাই দেশৰ হৈ এটা পদক পোৱাটো নিশ্চিত হ'ল। চেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে আনন্দৰ লহৰ উঠে বক্সাৰগৰাকীৰ জন্মস্থান বৰপথাৰত। আটচবাজী ফুটাই আবতৰীয়া দেৱালী উদযাপন কৰাৰ লগতে বিহু গীত গাই আনন্দ কৰে জনতাই। কিন্তু লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গৃহলৈ যোৱা পথৰ অৱস্থা একেবাৰে শোচনীয়। গতিকে আজিৰে পৰা সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গড়কাপ্তানী বিভাগৰ সহযোগত লাভলীনাক উপহাৰস্বৰূপে বোকাময় পথৰ পকীকৰণৰ কাম আৰম্ভ কৰিছে। আনহাতে লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিধায়ক গৰাকী। লগতে টকিঅ' অলিম্পিকত সোণসেৰীয়া যাত্ৰাৰে সোণৰ পদক লৈ ঘৰলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
No comments