অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ 'চি' চেক্টৰত চিআৰপিএফ ৰ নেতৃত্বত বৃক্ষৰোপন কাৰ্যসূচী
ধনশিৰি, ৩১ জুলাইঃ গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ 'চি' চেক্টৰত আজি ১৪২ নং চিআৰপিএফৰ নেতৃত্বত এক বৃক্ষৰোপন কাৰ্যসূচী হাতত লোৱা হয়।উৰিয়ামঘাটস্থিত ১৪২ নং চিআৰপিএফ ৰ কেম্পত অনুষ্ঠিত হোৱা এই বৃক্ষৰোপন কাৰ্যসূচীত বিশেষকৈ আম, টেটেলি, আমলখি, কঠাল, নিম, তামুল, বেল আদি বৃক্ষৰোপন কৰা হয়।চিআৰপিএফে নিজ কৰ্তব্যৰ লগতে সামাজিক দায়িত্ব পালনৰ হেতু এই কাৰ্যসূচী তেঁওলোকে হাতত লোৱা বুলি জনায়।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বৃক্ষৰোপন কাৰ্যসূচী উদ্বোধন কৰি কয় যে,বৃক্ষৰোপন কাৰ্যসূচী এক মহান কাৰ্যসূচী।সকলোৱে নিজ নিজ এলেকাত অধিকতকৈ অধিক বৃক্ষৰোপন কৰিব লাগে।যাৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ মুক্ত আৰু বিশুদ্ধ অক্সিজেনৰ উৎপন্ন হ'ব।ইয়াৰ উপৰিও বাঢ়ি অহা প্ৰদূষণ ৰোধ কৰাত সহায়ক হ'ব বুলি কয়।
১৪২ নং চিআৰপিএফ বাহিনীৰ 'চি' চেক্টৰৰ চেক্টৰ কামাণ্ডাৰ মুকেশ পি.পি. ৰ নেতৃত্বত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীত ধনশিৰি মহকুমাৰ আৰক্ষী অধিক্ষক ত্ৰিনয়ণ ভূঞা,চিআৰপিএফ ৰ উপ-নিৰিক্ষক সুৰেন্দ প্ৰসাদ,টী য়েদুকৌণ্ডালু সহ চিআৰপিএফৰ সৈনিক সকলে ভাগ লয়।
No comments