অত্যাৱশ্যকীয় তথা ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
নিউজ ডেস্ক, ১৬ জুলাইঃ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ জনতাক। দিনক দিনে
বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ক'ভিড মহামাৰীৰ ফলত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে পেট্ৰ'লৰ মূল্য। অত্যাৱশ্যকীয়
আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া ক্ষোভিত কৰি তুলিছে সাধাৰণ জনতাক। পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ আৰু অসম প্ৰদেশ
কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে গুৱাহাটী ৰাজীৱ ভৱনৰ সমীপত
গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটিৰ উদ্যোগত এক
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাসৰ নেতৃত্বত ৰূপায়িত
এই কাৰ্যসূচীত বিৰোধী দলৰ প্ৰাক্তন দলপতি ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা তথা বহু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাইজৰ মূৰত মাধমাৰ সোধাই ডিজেলৰ
মূল্যবৃদ্ধি কিয়, পেট্ৰ'ল, ডিজেল, ৰন্ধন
গেছকে ধৰি নিত্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, তেলৰ নামত
লুণ্ঠন কৰা বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত
ব্যৰ্থ বিজেপি চৰকাৰ হায় হায়, পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস
কৰাৰ প্ৰতিশ্ৰুতি ক'লৈ গ'ল আদি বিভিন্ন শ্ল'গান তথা প্লে'কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদী
কাৰ্যসূচী ৰূপায়ন কৰে।আজিৰ এই ভয়ংকৰ পৰিস্থিতিৰ সময়তো অত্যাৱশ্যকীয় সামগ্ৰী
সমূহৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা
গ্ৰহণ নকৰাটো অত্যন্ত আশ্বৰ্য্যজনক আৰু জনসাধাৰণৰ বাবে ই অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে বিৰোধী দলৰ প্ৰাক্তন দলপতি তথা বিধায়ক
ৰিপুণ বৰাই।


No comments