Breaking News

গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা

🔼'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা

🔼১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব এই নীতি-নিৰ্দেশনা

🔼জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব

🔼দিনৰ ১ বজালৈকে খোলা থাকিব গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান

🔼বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান, অন্যান্য ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰেষ্টুৰেণ্ট, বিক্ৰী কেন্দ্ৰ, শ্ব' ৰুম, মল আদি

🔼দিনৰ ১ বজালৈকে কেৱল মেৰামতিৰ কামৰ বাবে খোলা ৰাখিব পাৰিব শীতল ভঁৰালসমূহ

🔼ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩বজালৈকে খুলিব পাৰিব

🔼দিনৰ ২বজালৈকে খুলিব পাৰিব গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ

🔼খোলা থাকিব ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ

🔼জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰে এক নিৰ্দেশনা

🔼৬ জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব অন্য নিৰ্দেশনাসমূহ

🔼পূৰ্বৰ দৰে খোলা থাকিব পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা, অন্য জৰুৰী সেৱাসমূহ

🔼পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব এই নিৰ্দেশনা




No comments