শিৱসাগৰত ভাষ্যকাৰ, লেখক বীৰেশ হাজৰিকাৰ তিনিখন গ্ৰন্থ উন্মোচন
শিৱসাগৰ, ২৪ জুলাইঃ আজি শিৱসাগৰত ভাষ্যকাৰ, লেখক বীৰেশ হাজৰিকাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। বীৰেশ হাজৰিকা দ্বাৰা ৰচিত প্ৰথমখন গ্ৰন্থ হল শ্ৰীমন্ত শংকৰদেৰ বিৰচিত কীৰ্তন ঘোষাৰ সৰল ভাঙনি আৰু তত্ব সম্বলিত ভাষ্যপুথি 'কীৰ্তন-ঘোষা ৰসামৃত', দ্বিতীয় খন পুথি শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপ্ত বৈষ্ণৱ পণ্ডিত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰী শ্ৰী ইলাৰাম দাস বাপ ইশ্বৰৰ গুণ কৰ্ম সম্বলিত পুথি 'ইলা-গুণমণি'ৰ লগতে শিশু সকলৰ উপযোগী পুথি 'ধন্য নৰ ভাৰত বৰিষ'। তিনিওখন পুথি উন্মোচন কৰে শিৱসাগৰ জিলাৰ একশৰণ ভাগৱতী সমাজৰ নামাচাৰ্য গোবিন্দ দাস আতাদেৱে। অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে একশৰণ ভাগৱতী সমাজৰ শিৱসাগৰ জিলাৰ বুঢ়াভকত গুণকান্ত হাজৰিকা আৰু প্ৰণয়জ্যোতি হাজৰিকাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
No comments