ডিফুত পূজাৰীৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগঃ আটক পূজাৰী
ডিফু, ২৪, জুলাইঃ ডিফুত এগৰাকী ১৫ বছৰীয়া নাবালিকা কন্যা ধৰ্ষণৰ অভিযোগত আটক হ'ল এগৰাকী পূজাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ সমীপৱৰ্তী মাটিপুং ৰংকাংথিমৰ ওচৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড ৷ ভুক্তভোগী শিশু কন্যাগৰাকীৰ গাঁৱত মোবাইলৰ নেটৱৰ্কৰ সা-সুবিধা নথকাত অভিভাৱকে নাবালিকাগৰাকীক মাটিপুঙৰ ৱেলচন তিচ'ৰ ঘৰত অনলাইন পৰীক্ষা দিবলৈ ৭ দিনৰ বাবে থৈছিল। নাবালিকাগৰাকী ৱেলচনৰ ঘৰত অনলাইন পৰীক্ষা দিয়াৰ বাবে আশ্ৰয় লৈ থকাৰ সময়তে সংঘটিত হৈছিল উক্ত ধৰ্ষণ কাণ্ড ৷ উইমেন জাষ্টিচ ফ'ৰাম চমুকৈ কেএডব্লিউজেএফৰ সভানেত্ৰী বিউলেট বে'পীয়ে সংবাদ মাধ্যমৰ ওচৰত অভিযোগ কৰা অনুসৰি যোৱা ২২ জুলাইৰ নিশা নাবালিকাগৰাকীক ধৰ্ষণ কৰে অভিযুক্ত নেলচন তিচ'ৱে ৷ ধৰ্ষণৰ পূৰ্বে তেওঁৰ ঘৰত থকা আন এগৰাকী ছোৱালীক মদ্যপান কৰাই লৈছিল বুলিও অভিযোগ উত্থাপিত হৈছে ৷ ৱেলচন তিচ' কাৰবি কুৰুচাৰ চিংৰুম আমেইৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছে৷ ধৰ্ষণ কৰাৰ পিছত ধৰ্ষিতা নাবালিকাগৰাকীক অভিযুক্ত ৱেলচন তিচ'ৱে বলপূৰ্বক বন্দী কৰি থৈছিল যদিও যোৱা নিশা নাবালিকা গৰাকীয়ে কোনোমতে পলাই সাৰে আৰু মাতৃৰ সৈতে আহি কেএডব্লিউজেএএফ আৰু ইউকেএডব্লিউএক ঘটনাৰ সবিশেষ জনায় ৷ শনিবাৰে কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএই অভিযুক্তক ধৰি আনি ডিফু থানাত চমজাই দিয়ে ৷ এই সন্দৰ্ভত ধৰ্ষিতাৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ডিফু থানাত ২০০/২০২১ নম্বৰত এক গোচৰ ৰুজো কৰি ৱেলচন টিচ'ক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএই দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৷
No comments