Breaking News

লাভলীনা বৰগোহাঁইৰ সফলতা অৰ্জনৰ বাবে হাওৰাঘাটত 'গ' ফৰ গ'ল্ড' ৰেলী

বকলীয়াঘাট, ২৪ জুলাইঃ বিশ্বজুৰি অব্যাহত থকা ক'ভিডৰ আতংক একাষৰীয়া কৰি আজিৰে পৰা জাপানৰ টকিঅ' চহৰত আৰম্ভ হৈছে অলিম্পিকৰ মহাৰণ। অলিম্পিকৰ আৰম্ভণিৰ দিনটোতে ভাৰতৰ হৈ উত্তৰ পূবৰ এগৰাকী খেলুৱৈ যে অলিম্পিকৰ পদক অৰ্জন কৰাৰ লগে লগে অসমতো অলিম্পিকক লৈ উচ্ছাহ দুগুনে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে এইবাৰ টকিঅ' অলিম্পিকলৈ যোৱা লাভলীনা বৰগোহাঁইৰ প্ৰতিদ্বন্দিতাৰ কাউণ্ট ডাউন আৰম্ভ হোৱাৰ লগে লগে খেলুৱৈগৰাকীৰ গৃহ ৰাজ্যত অনুৰাগীসকলে লাভলীনা বিজয় কামনা কৰি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈগৰাকীৰ প্ৰতি শুভকামনা আগবঢ়াই অহা পৰিলক্ষিত হৈছে। ইয়াৰে অংশ হিচাপে আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট ক্ৰীড়া সন্থাৰ উদ্যোগত চহৰখনৰ মাজেৰে লাভলীনাৰ সমৰ্থনত এক মটৰ চাইকেল সমদল উলিওৱা দেখিবলৈ পোৱা যায়। 

'গ' ফৰ গল্ড' শ্ল'গানেৰে লাভলীনাৰ বাবে স্বৰ্ণজয়ৰ সপোন দেখা অনুৰাগীসকলে আজি হাওৰাঘাট নগৰৰ মাজেৰে উলিওৱা সমদলত এলেকাটোৰ ক্ৰীড়াপ্ৰেমী তথা যুৱপ্ৰজন্মই স্বতঃস্ফুত অংশগ্ৰহণেৰে লাভলীনালৈ শুভকামনা জনায়। আজি পুৱাৰে পৰা হোৱা প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰমকো আওকাণ কৰি সমদলটোৱে সমগ্ৰ হাওৰাঘাট নগৰ পৰিভ্ৰমণ কৰি একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। অনুৰাগীসকলে আনকি নিজ বাহনৰ সন্মুখত লাভলীনাৰ ফটো আৰু খেলুৱৈগৰাকীৰ সমৰ্থনত শ্ল'গান সম্বলিত পোষ্টাৰ লগায়ো আনন্দ প্ৰকাশ কৰে। এনেদৰেই অসমৰ লগতে সমগ্ৰ দেশখনৰে ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম প্ৰতিশ্ৰুতি সম্পন্ন সম্ভাৱনা লাভলীনা বৰগোহাঁইৰ সফলতাৰ বাবে আন্তঃকৰণেৰে শুভেচ্ছা আৰু আশীৰ্বাদ জনায় ক্ৰীড়ানুৰাগী ৰাইজে।






No comments