Breaking News

বকলীয়াঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ সন্ধানহীন মহিলাৰ মৃতদেহ



বোকাজান, ২৫ জুলাইঃ যোৱা ২০ জুলাইৰ পৰা সন্ধানহীন হৈ থকা বকলীয়াঘাটৰ এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ কালি বিয়লি আৰক্ষীয়ে এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, বকলীয়াঘাটৰ ৰজাপথাৰ তিনি আলিৰ ৰশ্মি শইকীয়া (৪০) নামৰ মহিলাগৰাকী চলিত মাহত স্বামী গৃহৰ পৰা বকলীয়াঘাট চিকাৰীপথাৰস্থিত পিতৃগৃহত খেতিৰ বাবে ধন নিবলৈ বুলি স্বামীগৃহৰ পৰা ওলাই আহে। তেতিয়াৰে পৰা নিখোজ হৈ থকা মহিলাগৰাকীৰ সন্ধানত স্বামীৰ পৰিয়ালৰ লোকে বিভিন্ন স্থানত থকা সম্পৰ্কীয় লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ লাভ নকৰাত কালি সন্ধিয়াৰ ভাগত বকলীয়াঘাট থানাত এজাহাৰ দিয়াৰ বাবে উপস্থিত হয় যদিও বকলীয়াঘাট থানা চৌহদত এখন টাটা মোবাইলত মহিলগৰাকীৰ মৃতদেহটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। ইফালে, টাটা মোবাইলখনৰ চালক তথা স্বত্বাধিকাৰী মনোজ চাহু নামৰ লোকজনে জানিবলৈ দিয়া অনুসৰি কালি বিয়লি ডকমকা থানাৰ অন্তৰ্গত মহামায়াৰ চাৰ্থে ৰংহাং গাঁৱত থকা তেওঁৰ শহুৰৰ ঘৰত কালি বিয়লি চাইকেলেৰে এজন পুৰুষৰ সৈতে মহিলাগৰাকী উপস্থিত হয়। অসুস্থ মহিলাগৰাকীক উক্ত স্থানতে মূৰত পানী ঢালি সুস্থ কৰাৰ চেষ্টা কৰাৰ অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু হয়।  ইয়াৰ পিছতে নিজকে মহিলাগৰাকীৰ স্বামী বুলি পৰিচয় দিয়া লোকজনৰ সৈতে মনোজ চাহুৱে এএছ-০২-চি-৫৩৬৫ নম্বৰৰ টাটা মোবাইলখনেৰে মৃতদেহটো ডকমকাৰ পৰা লৈ আহে। টাটা মোবাইল চালকগৰাকীৰ ভাষ্য অনুসৰি, মহিলাগৰাকীৰ দেহটো তেওঁক প্ৰথমে হাওৰাঘাটৰ সমীপৱৰ্তী কাংকিবস্তিলৈ নিবলৈ লোৱা বুলি কোৱা হৈছিল যদিও পিছত কাংকিবস্তিলৈ যোৱাৰ পৰিৱৰ্তে মৃতদেহটো চামগুৰিলৈ লৈ যোৱা হয়। চামগুৰিৰ অৰ্ধনিৰ্মিত এখন দলঙৰ সমীপতে টাটা মোবাইলসহ মৃতদেহটো এৰি উক্ত লোকজনে পলায়ন কৰাৰ পিছতে মনোজ চাহুৱে পুনৰ মৃতদেহটো লৈ বকলীয়াঘাট হৈ ৰজাপথাৰত প্ৰৱেশ কৰে। এনে অৱস্থাতে ৰজাপথাৰৰ কাছমাৰীত স্থানীয় আৰক্ষীয়ে তালাচী চলাই টাটা মোবাইলত মৃতদেহটো প্ৰত্যক্ষ কৰি বাহনসহ মৃতদেহটো বকলীয়াঘাট থানালৈ প্ৰেৰণ কৰে। বকলীয়াঘাট থানাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে। ইফালে, পাঁচটা সন্তানৰ মাতৃ ৰশ্মি শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৱে বকলীয়াঘাট এলেকাত আজি ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ বকলীয়াঘাটৰ এগৰাকী সাধাৰণ গৃহিণী ৰশ্মি শইকীয়াই কেনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সুদুৰ ডকমকাৰ এক ভিতৰুৱা স্থানত উপস্থিত হ'বলগীয়া হ'ল তাক কেন্দ্ৰ কৰিও প্ৰশ্ন উত্থাপিত হৈছে। মহিলাগৰাকীৰ দেহৰ কেইবাটাও স্থানত গুৰুতৰ আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। সেয়ে হ'লে মৃত্যুৰ পূৰ্বে মহিলাগৰাকীক কোনো লোকে অকথ্য নিৰ্যাতন চলোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। আনহাতে, মহিলাগৰাকীৰ মৃত্যু এক নৃশংস হত্যাকাণ্ড বুলি দাবী কৰি দোষীক অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে স্থানীয় লোকসকলে। আনহাতে, টাটা মোবাইলখনৰ চালকজনৰ ৰহস্যজনক ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। মহিলাগৰাকীৰ মৃতদেহটো লৈ আৰক্ষীৰ কাষ চপাৰ পৰিৱৰ্তে উদ্দেশ্যবিহীনভাৱে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰাই লৈ ফুৰা ঘটনাক কেন্দ্ৰ কৰিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ সঠিক তদন্তইহে মহিলাগৰাকীৰ হত্যাকাণ্ডৰ সকলো ৰহস্য সময়ত পোহৰলৈ আনিব বুলি আশা কৰা হৈছে।

No comments