Breaking News

বকলীয়াঘাটত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

বোকাজান, ২৬ জুলাইঃ আজি পুৱাৰ ভাগত বকলীয়াঘাটৰ এক নং উদালি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা পশুধনৰ মৃত্যু হোৱাৰ লগতে কথমপি এজন কৃষকৰ প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ বিৱৰণী অনুসৰি, আজি নিচেই পুৱাৰ ভাগত এক নং উদালি গাঁৱৰ বিপুল হাজৰিকা নামৰ কৃষকগৰাকীয়ে পথৰ দাঁতিত থকা এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ সমীপত থকা পথাৰত হাল বাই থকা অৱস্থাতে হালৰ গৰুসহ কৃষকজন বিদ্যুৎস্পৃষ্ট হয় । উক্ত ঘটনাত কৃষকজনৰ  কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এটা হালোৱা বলধৰ থিতাতে নিহত হয়। হালৰ আনটো বলধো আঘাতপ্ৰাপ্ত হয় । ইফালে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । দীৰ্ঘদিন ধৰি ট্ৰেন্সফৰ্মাৰটো পথৰ নিচেই কাষত অত্যন্ত বিপদজনক অৱস্থাত ৰখাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ বাবেই ইয়াৰ পূৰ্বেও তিনিবাৰকৈ বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছিল। এই সন্দৰ্ভত গাঁওবাসীয়ে বিভাগক বাৰম্বাৰ অৱগত কৰাৰ লগতে লিখিতভাৱে জনোৱাৰ পিছতো বিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি গাঁওবাসীয়ে ক্ষোভ প্ৰকাশ কৰে । ইফালে খেতিৰ ভৰপক সময়তে হালৰ গৰু হেৰুৱাই মূৰে কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকগৰাকীয়ে । অতি শীঘ্ৰে কৃষকগৰাকীক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে ট্ৰেন্সফৰ্মাৰটোৰ চৌদিশে সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে অঞ্চলবাসী ৰাইজে ।



No comments