Breaking News

লকডাউনত ইতিবাচক চিন্তাৰে শিৱসাগৰ হাতীখোঁকৰ আফজল-আজমল ভাতৃদ্বয়ে নিজে নিৰ্মাণ কৰিলে ৭ লক্ষাধিক টকাৰ ব্যায়ামাগাৰৰ সঁজুলি

শিৱসাগৰ, ২৫ জুলাইঃ শিৱসাগৰ নগৰৰ কাষতে থকা ঐতিহাসিক হাতীখোঁক অঞ্চলৰ নিবাসী চুনাবাবা আলি আৰু ৰেজি বেগমৰ দুই পুত্ৰ আফজল আৰু আজমলে নিজৰ ৱেলডিং গেৰেজত প্ৰায় ৭ লক্ষাধিক টকাৰ ব্যায়ামাগাৰৰ সঁজুলি নিৰ্মাণ কৰি উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স্বাস্থ্য সচেতন দুই ভাতৃয়ে নগৰৰ বিভিন্ন ব্যায়ামাগাৰলৈ নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিবলৈ গৈছিল। যোৱা বছৰৰ লকডাউনৰ সময়ত সকলো শৰীৰ চৰ্চা কেন্দ্ৰ বন্ধ হৈ থকাৰ সময়তে তেওঁলোকৰ মনত এটা ইতিবাচক চিন্তাই খোপনি পুতিছিল। তেওঁলোকৰ নিজা ৱেলডিঙৰ গেৰেজ আছিল। নিজৰ বাবে গেৰেজতে দুই-এপদ সামগ্ৰী নিৰ্মাণৰ পৰিকল্পনা কৰিলে দুই ভাতৃয়ে। পৰিকল্পনা অনুসৰি এপদ এপদকৈ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে এটা অত্যাধুনিক ব্যায়ামাগাৰৰ বাবে প্ৰয়োজন হোৱা সঁজুলি সমুহ। ২০২০ চনৰ শেষৰ ফালৰ পৰা কাম আৰম্ভ কৰি প্ৰায় ৭ মাহৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এটা ব্যায়ামাগাৰৰ প্ৰায় সম্পূৰ্ণ সামগ্ৰী । নিজৰ ঘৰৰ এটা কোঠা ভাঙি সৰুকৈ স্থাপন কৰিলে এটা ব্যায়ামাগাৰ। কথাৰ প্ৰসংগত দুই ভাতৃয়ে কয় যে, এই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ যাওঁতে প্ৰায় ৭ লাখ খৰচ হ’ব। কিন্তু তেওঁলোকে প্ৰায় চাৰিলাখ টকাত সামগ্ৰীসমূহ নিৰ্মাণ কৰিছে। আগষ্ট মাহতহে ব্যায়ামাগাৰটো আনুষ্ঠানিক মুকলি কৰা হ’ব যদিও অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ব্যায়ামাগাৰটো। ইতিমধ্যে চুবুৰীয়া স্বাস্থ্য সচেতন যুৱকসকলে অনুশীলন আৰম্ভ কৰিছে। এই শৰীৰচৰ্চা কেন্দ্ৰটোৰ পৰাই ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাৰ পুহি ৰাখিছে দুই ভাতৃয়ে। বহুদিনৰ পৰা অঞ্চলটোত এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ অভাৱ অনুভৱ কৰি থকা ৰাইজে আফজল-আজমল ভাতৃদ্বয়ৰ এনে প্ৰশংসনীয় প্ৰচেষ্টাক একেমুখে শলাগ লৈছে।






No comments