Breaking News

ৰাজ্যিক শোকৰ মাজত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ভুঁইৰোৱা কাৰ্যসূচী ৰূপায়ণঃ পুনৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

শিৱসাগৰ, ২৯ জুলাইঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মঙ্গল বাৰে নগৰৰ সমীপৰ ডৰবাৰ খেলপথাৰত ফুটবল খেলাৰ পাছত আজি পুৱাই বিধায়ক অখিল গগৈয়ে ঐতিহাসিক নিমাইজান গাঁৱত এক ভুঁইৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জেলত সোমাই থকাৰ সময়তে শিৱসাগৰৰ নিমাইজান গাঁৱৰ ৰাইজক ভুঁই ৰোৱা কাৰ্যসূচীত অংশ লোৱাৰ কথা দিছিল।যাৰ বাবে মিজোকাণ্ডৰ পাছত সমগ্ৰ ৰাজ্যিক শোক চলি থকাৰ মাজতে এই কাৰ্যসূচীত অংশ লয় বিধায়ক গৰাকীয়ে।ৰাইজৰ সৈতে বিহু মাৰি ভুঁই ৰুই কলগছৰ দোঙত জলপান গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে। তেওঁ ৰাইজক খেতি নেৰিবলৈ আহবান জনায়। সমষ্টিত বছৰে একাধিক খেতি কাৰ্য কৰিবৰ বাবে পথাৰসমূহত জলসিঞ্চন ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰে।বিধায়কগৰাকীয়ে কৃষকক ধানৰ উচিত মূল্য প্ৰদানৰ লগতে সাৰৰ মূল্য নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰে।আনহাতে শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ গো আইনক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।আৰএছএছ আৰু বিজেপিৰ শীৰ্ষ নেতাক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে আইন আনিছে বুলি অভিযোগ কৰি কয় যে খেতি কৰি নোপোৱা এইজন মুখ্যমন্ত্ৰীয়ে গৰুৰ মূল্য কি বুজিব। গৰুত হাত নিদিবলৈ সকিয়নি প্ৰদান কৰাৰ লগতে বিধায়ক গগৈয়ে কয় এনে আইন প্ৰৱৰ্তনৰ পৰা বিৰত থাকক অন্যথা ৰাইজে ৰেহাই নিদিব।



No comments