Breaking News

বোকাখাত মহকুমা প্রশাসনৰ দেশভক্তি দিৱস উদযাপন


বোকাখাত, ২৮ জুলাইঃ স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনদেৱৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আজি বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বোকাখাত মহকুমা প্রশাসনৰ সৌজন্যত তথা বোকাখাত মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত দেশভক্তি দিৱস উদ্‌যাপন কৰা হয়। ক'ভিড-১৯ৰ নীতি নির্দেশনাৰ প্রতি লক্ষ্য ৰাখি আয়োজন কৰা “দেশভক্তি দিৱস"ত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে বন্তি প্ৰজ্বলন কৰি দেশভক্ত তৰুণ ৰাম ফুকনদেৱৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে। ইয়াৰ লগতে আজিৰ অনুষ্ঠানত আমন্ত্রিত বিশিষ্ট সমাজকর্মী তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়া, বোকাখাত ৰাজহচক্ৰৰ চক্ৰ বিষয়া সৌভিক দত্ত,  চক্ৰ বিষয়া (সং) শ্বগুফতা অঞ্জুম চুহেলী, সহকাৰী আয়ুক্ত ক্ৰমে বিক্রম নেৱাৰ, প্ৰাঞ্জল প্ৰাণ শইকীয়া প্ৰমুখ্যে মহকুমাধিপতি কাৰ্য্যালয়ৰ  কর্মচাৰীসকলেও এই শ্রদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি পুষ্পাঞ্জলি অর্পণ কৰে।



No comments