চেমি ফাইনেলত প্ৰৱেশ লাভলীনাঃ আৱতৰীয়া বিহু লাভলীনাৰ গৃহ বৰপথাৰত
ধনশিৰি, ৩০ জুলাইঃ পুনৰবাৰ বক্সিং ৰিঙত অপ্ৰতিৰোধ্য হৈ ৰ'ল অসম কন্যা লাভলীনা বৰগোঁহাই।চীনৰ শক্তিশালী প্ৰতিদ্বন্দী চেন নিয়েন চিনক ধৰাশায়ী কৰি টকীঅ' অলিম্পিকৰ বক্সিঙৰ চেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই। আজি পুৱা অনুষ্ঠিত হৈছিল টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাৰ বক্সিং ৰিঙৰ কোৱাটাৰ ফাইনেল খেলখন। লাভলীনাৰ বাবে আজিৰ খেলখনেই আছিল বেছিকৈ কষ্টকৰ, কিয়নো আজিৰ প্ৰতিদ্বন্দী চেন নিয়েন চিনৰ হাতত পূৰ্বতে তিনিবাৰকৈ পৰাস্ত হৈছিল লাভলীনা। কিন্তু পূৰ্বৰ পৰাজয়ৰ পোতক তুলিবলৈকে যেন দৃঢ়মনা হৈছিল লাভলীনা। লাভলীনাৰ যাদুকৰী পান্সৰ আগত তিষ্টি থাকিব নোৱাৰিলে চীনৰ খেলুৱৈ গৰাকী। ৪-১ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিলে চেন নিয়েন চিনে। ইয়াৰ লগে লগে লাভলীনাই চেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে। আজি পুৱাৰে পৰা কোটি কোটি ভাৰতীয়ৰ চকু নিবদ্ধ আছিল লাভলীনা ওপৰত। লাভলীনাৰ গৃহভূমি বৰপথাৰত পুৱাৰে পৰা অধীৰ আশাৰে ৰৈ আছিল অগণন অনুৰাগী। সকলোৰে মুখত এটাই কথা লাভলীনা জিকিব। আৰু কিছু সময়ৰ পাছতে যেতিয়া টকিঅ'ৰ সেই বিশেষ বক্সিং ৰিঙত ৰেফাৰীয়ে লাভলীনাৰ হাত ওপৰলৈ দাঙি দিলে তেতিয়াই গৃহভূমি বৰপথাৰত দেখা গল আৱতৰীয়া বিহু। শ শ অনুৰাগীয়ে আনন্দতে এপাক বিহু নাচিলে, কোনোৱে আকৌ ফটকা ফুটাই মনৰ আনন্দ প্ৰকাশ কৰিলে। পুৱাৰে পৰা বৰপথাৰত দেখা গৈছিল স্থানীয় অনুৰাগী আৰু সংবাদকৰ্মীসমূহৰ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ। লাভলীনাৰ জয়ে এতিয়া সমগ্ৰ ভাৰতীয়ৰ আশাবোৰক আৰু এখোপ আগুৱাই লৈ গ'ল।ইপিনে লাভলীনাৰ আজিৰ খেলখনত জয়ৰ পাছতেই উৎফুল্লিত হৈ পৰে পিতৃ টিকেন বৰগোঁহায়। আনহাতে আজি সাংবাদিকৰ ওচৰত পিতৃয়ে কিয় লাভলীনাৰ খেল নাচাই তাকো প্ৰকাশ কৰিলে। উল্লেখ্য যে,বিগত কমনৱেল্থ গেমছত লাভলীনাৰ এখন খেল পিতৃ টিকেন বৰগোঁহায়ে টিভিত চাইছিল আৰু উক্ত খেলখনত লাভলীনাই পৰাজয় বৰণ কৰিছিল, তেতিয়াৰ পৰাই পিতৃ টিকেন বৰগোঁহায়ে লাভলীনাৰ খেল নাচাই বুলি জনায়। লগতে পিতৃ আৰু লাভলীনাৰ প্ৰথম প্ৰশিক্ষক প্ৰশান্ত দাস আশাবাদী যে, লাভলীনাই সোণৰ পদক আজুৰি আনি ভাৰতবাসীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব।
No comments