Breaking News

নদীত গা ধুবলৈ গৈ সন্ধানহীন বৰপথাৰৰ কাঠকটীয়াৰ যুৱক

বৰপথাৰ, ২২ জুলাইঃ বানৰ কবলত পৰি ৰাজ্যখনৰ ঠায়ে ঠায়ে বানপানীৰ ফলত নদীৰ বুকু উফন্দি উঠি বহু লোকৰে কৃষি ভূমি নদীৰ বুকুত উটি যোৱাৰ লগতে গৰাখহনীয়ায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সৰ্বহাৰা হৈছে বহু লোক। তাৰ মাজতেই কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাওঁত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে ধনশিৰি নদীত গা ধুবলৈ গৈ নদীৰ বাঢ়নি পানীত সন্ধানহীন হয় বৰপথাৰৰ এজন যুৱক। ঘটনাৰ বিৱৰণী অনুসৰি, উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ লগৰ কেইজনৰ লগত নদীত গা ধুই থকা অৱস্থাত হঠাৎ সন্ধানহীন হয় যুৱকজন। সন্ধানহীন যুৱকজন কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠকটীয়া গাওঁৰ যুৱক তথা বৰপথাৰৰ অঞ্জলি বৰবৰুৱা মেম'ৰিয়েল স্কুলৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ মিলন শইকীয়া (১৮) বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে কিশোৰগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।




No comments