Breaking News

শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৃক্ষ ৰোপণ কাৰ্যসূচীঃ ক'ভিডৰ বাবে সজাগ হ'বলৈ ৰাইজক আহ্বান

শিৱসাগৰ, ৫ জুনঃ আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলাৰ দিচাংমুখত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা, সম্পাদক মানস দত্ত, ৰাজু চেতিয়া ফুকন, দিচাংমুখ আঞ্চলিকৰ মানৱ মিলি, কৃষক মুক্তিৰ আদিত্য গগৈ উপস্থিত থাকে। ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনক উদ্দেশ্য কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ হৃদপিণ্ডস্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খনন, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত খনিজ পদাৰ্থ খনন, গছ কাটি দিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ জৰিয়তে অসমখন ভৱিষ্যতে মৰুভূমিত পৰিণত কৰাৰ কৌশল ৰচিছে। ব্যক্তিগতকৰণ কৰিছে লগতে অসম তথা উত্তৰ পূৱৰ জৈৱ বৈচিত্ৰ্য আজি সংকটৰ দিশে বুলি মন্তব্য কৰে। পৰৱৰ্তী সময়ত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকাই ক'ভিডৰ পৰা ৰক্ষা পৰিবলৈ সজাগ হৈ থকাৰ লগতে প্ৰতিজন মানুহক প্ৰতিদিনে এটাকৈ গছপুলি ৰুবলৈ আহ্বান জনায়।



No comments