ডিফুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
ডিফু, ৫ জুনঃ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱসটি ৷ এই উদ্যেশ্যে আজি কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ বনবিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হয়। এই লৈ ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ চৌহদত বিভিন্ন প্ৰজাতিৰ বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় ব'ৰ্ড চেয়াৰমেন তথা এমএচি ৰিচাৰ্ড টকবী, নৱ নিযুক্ত প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, জিলা বন বিষয়াকে ধৰি কেইবাগৰাকী ইএম আৰু এমএচিয়ে অংশ গ্ৰহণ কৰি বৃক্ষপুলি ৰোপন কৰে ৷ আনহাতে উক্ত কাৰ্যসূচীৰ পিছতে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত এক ক্ষন্তেকীয়া সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ জৈৱ বৈচিত্ৰ আৰু বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত বাখ্যা দাঙি ধৰে ৷ কৰোনা মহামাৰীৰ বাবে জিলাখনৰ বহু উন্নয়নমূলক কাম কৰিবলৈ বাকী থকা বুলি কৈ টীম কাৰ্বি আংলঙৰে মিলি সকলো কাম শীঘ্ৰে কৰা হ'ব বুলি আশ্বাস দিয়ে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে জিলাখনত বিভিন্ন কাৰকৰ বাবে নষ্ট বা ধ্বংস হৈ যোৱা গছপুলিবোৰ পুনৰ ৰুই পৰিৱেশৰ সামঞ্জস্য ৰক্ষা কৰা হ'ব ৷ আলোচনাপন্থী কাৰ্বি বিদ্ৰুোহী সংগঠনৰে চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে শীঘ্ৰে সম্পাদন হ'ব বুলি মন্তব্য কৰে।


No comments