আমগুৰিৰ কালুগাঁৱত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন
শিৱসাগৰ, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে আমগুৰিৰ কালুগাঁৱতো আয়োজন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শ'লগুৰি মুকুল সাহিত্য সভাৰ ভৱনত গছপুলি ৰোপনেৰে আয়োজন কৰে এই অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে সন্থাৰ সকলো সদস্য-সদস্যা, কাৰ্য্যকৰ্তাই সদ্যপ্ৰয়াত সাহিত্যিক ড° লক্ষ্মীনন্দন বৰালৈ শ্ৰদ্ধাঞ্জলি জনায়। শেষত প্ৰকৃতিপ্ৰেমী তথা অৰ্কিড উদ্যান অৰণ্যমৰ প্ৰতিষ্ঠাপক ৰমেন হাতীমূৰীয়াক স্বগৃহত সম্বৰ্ধনা জনাই সন্থাটোৱে।

No comments