Breaking News

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক সাহাৰ্য্য অসমীয়া শিখ সন্থাৰ

নিউজ ডেস্ক, ২০ জুনঃ ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই অসমীয়া শিখ সন্থা, অসমে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ ৫১ হাজাৰ টকাৰ আৰ্থিক বৰঙনি আগবঢ়ায় ৷  অসমীয়া শিখ সন্থা, অসমৰ সভাপতি ৰাজবীৰ সিঙৰ নেতৃত্বত যোৱা পাঁচ জনীয়া দলটোৱে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন চিৰোপা, কৃপাণ, গামোচা, শৰাইৰে সম্বৰ্ধনা জনাই ৫১ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰাৰ লগতে অসমীয়া শিখসকলৰ বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে সমস্যাসমূহ সমাধানৰ বাবে সন্থাৰ বিষয়ববীয়াৰ সৈতে শীঘ্ৰে এক বৈঠকত মিলিত হোৱাৰ আশ্বাস প্ৰদান কৰে ৷ অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিনৰ উদ্যোগত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সজাতি দলটোত সন্থাৰ সভাপতি ৰাজবীৰ সিং , সাধাৰণ সম্পাদক গোবিন্দ সিং, উপসভাপতি গুৰমুখ সিং, ৰাম সিং আৰু দলজিৎ সিং উপস্থিত থাকে ।




No comments